বিশ্বজুৰি চৰ্চিত হৈ পৰিছে অসমৰ এজন ফটোগ্ৰাফাৰ

0 238

সমগ্ৰ বিশ্বজুৰি অসমৰ এজন ফটোগ্ৰাফাৰ চৰ্চিত হৈ পৰিছে ৷ মংগলদৈৰ গৌতম ডেকা নামৰ ফটোগ্ৰাফাৰজনে neowise ধুমকেতুৰ ফটো তুলি নাছালৈ প্ৰেৰণ কৰিছে ৷ উল্লেখযোগ্য যে আমেৰিকাৰ neowise টেলিস্কোপে এই ধুমকেতুটো আৱিস্কাৰ কৰিছিল ৷
 
 
 
টেলিস্কোপৰ নাম অনুসৰি এই ধুমকেতুটোৰ নাম neowise ৰখা হৈছিল ৷ যোৱা ১৫ জুলাইত neowise ধুমকেতু পৰ্যবেক্ষণ কৰি গৌতম ডেকাই কেমেৰাৰে neowise ধুমকেতুৰ প্ৰথমখন ফটো ল’বলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে এই ধুমকেতুটো উত্তৰ পশ্চিম দিশত দেখা পোৱা গৈছিল ৷ ২২ জুলাইত এই ধূমকেতুটো পৃথিৱীৰ পৰা নিচেই সমীপতে থাকিব ৷ স্মৰ্তব্য যে এই ধুমকেতুটো ৬৮০০ বছৰ পিচতহে দেখা পোৱা যায় ৷

Leave A Reply

Your email address will not be published.