দীপৰ বিলক বিজ্ঞান সন্মতভাবে সংৰক্ষণ আৰু প্ৰদূষণমুক্ত কৰি বিলখনক পৰ্যটন থলীলৈ উন্নীতকৰণৰ হকে অলপতে গঠন হোৱা দীপৰ বিল সুৰক্ষা মঞ্চই বিশ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ দিৱসৰ লগত সংগতি ৰাখি ২২ মে’ত ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোঁহাই থানৰ সমীপত দীপৰ বিলৰ পাৰত গছপুলি ৰোপন কৰে । গছপুলি ৰোপন কাৰ্যসূচীত বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী আৰু সনেশ টেৰণ ,মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , কাৰ্যকৰী সভাপতি গোলক দাস , উপ সভাপতিদ্বয় বলেশ্বৰ ৰংপী আৰু ধীৰাজ টুমুং , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সম্পাদক সুশীল টেৰণ , সাংগঠনিক সম্পাদিকাদ্বয় পদুমী টেৰণ আৰু পদ্মিনী ৰংচাল , কোষাধ্যক্ষ দ্বীপেন ৰংপীৰ উপৰি ভণিতা বড়ো ৰংপী , বিৰাজ কলিতাকে ( পৱন ) ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল । আনহাতে মঞ্চৰ কৰ্মকৰ্তা আৰু সদস্য সকলে দীপৰ বিলৰ পাৰত বিভিন্ন প্ৰজাতিৰ প্ৰায় ২০ টা গছপুলি ৰোপন কৰি চৰিওফালে গৰু – ছাগলীয়ে খাব নোৱাৰাকৈ বাঁহৰ বেৰ দিয়ে ।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ