বিশ্ব শিশু দিৱস উপলক্ষে চাইল্ডকেয়াৰ হোম আৰু বিশেষভাৱে সক্ষম গৃহৰ শিশুসকলৰ মাজত স্কুল ষ্টেচনেৰী বিতৰণ টপচেম চিমেণ্টৰ

0 144

শিশুৰ মুখত হাঁহি বিৰিঙোৱা আৰু বিশ্ব শিশু দিৱস ২০২২ ৰ সৈতে সংগতি ৰাখি উত্তৰ -পূৱ ভাৰতৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্ট ৰাজ্যৰ ১৩ টা চাইল্ডকেয়াৰ হোম আৰু বিশেষভাৱে সক্ষম গৃহৰ শিশুসকলৰ মাজত স্কুল ষ্টেচনৰী সামগ্ৰী বিতৰণ কৰে।বিগত বৰ্ষটো টপচেম চিমেণ্ট শিশু কল্যাণৰ গৃহৰ অন্তৰ্ভুক্ত মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত ১৩ টা চাইল্ডকেয়াৰ হোমৰ ছাত্ৰ-ছাত্ৰীৰ সুখ সমৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যায়তনিক সামগ্ৰী বিতৰণ কৰিছিল।এই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি গুৱাহাটীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিং অধ্যক্ষ ড° অনিল কাপুৰে ব্ৰক্ষ্মপুত্ৰ চিল্ডেন হোম,গৰচুক, ছেভেন চিষ্টাৰছ চিল্ডেন হোম ফৰ গাৰ্লছ,কাহিলীপাৰা, আইআৰচিএছ,লংকেশ্বৰ,চিল্ডেন হোম, লংকেশ্বৰ, পাঞ্জাবাৰী অপেন চেণ্টাৰ হোম ফৰ বয়েছ UTSAH ইডুকেচন/কমিউনিটি চেণ্টাৰ, হাফিজনগৰ, বামুণীময়দাম,কল্যাণী নিবাস, চিল্ডেন হোম ফৰ গাৰ্লছ ৰুপনগৰ,অমোৱা, চোলিহালোই অপেন চিল্ডেন হোম ফৰ বয়ছ( Amoya cholihaloi open shelter Home for Boys)আৰ কে মিছন ৰোড উলুবাৰী,স্নেহা বন্ধন,জয়নগৰ,স্বৰ্গীয় ঋষি হাজৰিকা মেমৰিয়েল হোম ফৰ চিল্ডেন ,কাহিলীপাৰা ,শিশু কল্যান কেন্দ্ৰ নুমমাতী ,কস্তুৰী চিল্ডেন কেয়াৰ হোম ,ছয় মাইল,চিল্ডেন হোম ফৰ বয়েছ ,ফটাশিল আমবাৰী, শান্তিদান,লংকেশ্বৰ শিশুসকলৰ মাজত স্কুল ষ্টেচনাৰী সামগ্ৰী বিতৰণ কৰি আনন্দ বিলায়।এই কাৰ্য্যসূচীৰ অধীনত ৪০০ জনতকৈ অধিক শিশুৰ মাজত স্কুল ষ্টেচনাৰী যাৰ ভিতৰত আছে কপি,নোটবুক,কলম,পেঞ্চিল ইত্যাদি বিতৰণ কৰে। NGO UTSAH ই আগবঢ়োৱা প্ৰস্তাৱৰ অনুসৰি এই গৃহ সমূহ শিশুৰ মাজত স্কুলীয়া সামগ্ৰী বিতৰণ কৰে।এই মহৎ পদক্ষেপে শিশুসকলক শিক্ষাৰ প্ৰতি সচেতন হোৱা শিক্ষাত উন্নত সুযোগ লাভ কৰা আৰু সমাজৰ বিকাশত অৰিহণা যোগোৱাত সহায় কৰিব।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মেঘালয় চিমেণ্টৰ লিমিটেডৰ চেলছ এণ্ড মাৰ্কেটিংৰ অধ্যক্ষ ড° অনিল কাপুৰে কয় টপচেম শিক্ষাৰ মূল্য বুজি পায় আৰু শিশু সকলৰ স্কুল ষ্টেচনাৰী বিতৰণ কৰি বিদ্যালয় সমূহৰ সৈতে সম্পৰ্ক স্থাপন নিজকে সৌভাগ্য অনুভৱ কৰিছো।টপচেমে অনুভৱ কৰে যে শিক্ষা হৈছে প্ৰতিটো শিশুৰ মৌলিক অধিকাৰ, সেয়েহে সকলোৱে শিক্ষাৰ সমাজ সুযোগ পোৱা উচিত। Utsah ৰ উপ প্ৰকল্প প্ৰবন্ধক নিৰ্মল ডেকাই কয় এই মহৎ উদ্দেশ্যৰ বাবে আমাৰ সৈতে জড়িত হোৱাৰ আমি টপচেম ওচৰত কৃতজ্ঞ আৰু ভৱিষ্যতে এনে সম্পৰ্ক বজাই ৰাখি আৰু এনে কাম কৰি যাবলৈ অপেক্ষা কৰি আছো।সমাজ সেৱা হৈছে টপচেম চিমেণ্টৰ এটা পৰম্পৰা টপচেম চিমেণ্টে সদায় বিশ্বাস কৰে যে যিকোনো সম্প্ৰদায়ক শক্তিশালী কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে শিশুৰ শিক্ষাৰ বাবে সমৰ্থন প্ৰদান কৰে।বিশেষকৈ যেতিয়া অসুবিধাগ্ৰস্ত লোকসকলৰ কথা আহি পৰে তেতিয়া এই ক্ষেত্ৰত অধিক প্ৰাধান্য দি আহিছে টপচেম চিমেণ্টে ।বিশ্ব শিশু দিৱস হৈছে ১৯৮৯ চনৰ ২০ নৱেম্বৰত শিশুৰ অধিকাৰ সন্মিলন(চিআৰচি) গ্ৰহণ কৰা শিশু সকলৰ বাবে ইউনিফেছৰ বিশ্বব্যাপী কাৰ্য দিৱস ।বিশ্ব শিশু দিৱস,২০২২ দেওবাৰ ২০ নৱেম্বৰ তাৰিখে উদযাপন কৰা হ’ব।

Leave A Reply

Your email address will not be published.