বিহালীত বন্যপ্ৰাণী সপ্তাহৰ সামৰণিৰ অনুষ্ঠান অনুষ্ঠিত

0 249

বিহালীৰ অন্যতম প্রকৃতি প্রেমী অনুষ্ঠান গ্রীণ চ’ছাইটিৰ উদ্যোগত বৰগাংৰ জাতীয় বিদ্যালয়ত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা স্কুল চৌহদত গছ পুলি ৰোপন কৰে পূব শোণিতপুৰ বন সংমণ্ডলৰ এ চি এফ বিশ্বজোতি দাসে। তাৰ পিছতেই গ্রীণ চ’চাইটিৰ সভাপতি প্রেমলাল গঞ্জুৱে সভাপতিত্বত অনুষ্ঠিত হোৱা সভা উদ্ধোধন কৰে বৰগাং বনাঞ্চলিক বিষয়া ডাক্টৰ ফিলফিলা বসুমতাৰীয়ে। সভাত গ্রীণ চ’চাইটিৰ মুখ্য সম্পাদক লক্ষীকান্ত শৰ্মাই ৰচনা কৰা বন্যপ্রাণী সপ্তাহ সম্পর্কীয় প্রবন্ধ পাঠ কৰে তৰুলতা শৰ্মাই। সভাত গ্রীন আচিয়ানা ওৱেলফাৰ চ’চাইটিৰ সঞ্চালক কিশোৰ হাজৰিকাক সম্বর্ধনা জনায়। ইয়াৰ পিছতে কিশোৰ হাজৰিকাই প্রকৃতি আৰু মানুহৰ মাজত সম্পর্ক ,বর্তমান সময়ত প্রকৃতি সংৰক্ষণ,বন্যপ্রানী সম্পর্কত  বক্তব্য প্রদান কৰে ।স্নিগ্ধাজোতি হাজৰিকা,প্রকাশ কায়স্থ,খাদেম আলি,খগেন মটক আদিয়ে কবিতা পাঠ কৰে । সভাত আঁত ধৰে গ্রীণ চ’চাইটিৰ প্রচাৰ সম্পাদক খগেন মটকে।
খবৰ যুগুতালে বিহালীৰ পৰা পলাশ প্ৰিয়মে ।

Leave A Reply

Your email address will not be published.