বিহুৰ দিনাই শিশু গৃহত উপস্থিত হ’ল মৰিগাঁও জিলা উপায়ুক্ত

0 229

বিশ্বৰ চৌদিশে এতিয়া কেৱলমাত্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী ক’ৰণা ভাইৰাছে। এই ক’ৰণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে পালন হৈছে প্ৰতিজন অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । যদিও সমুহীয়াভাৱে এইবাৰ ৰঙালী বিহু  উদযাপন কৰিবলৈ পৰা নাই তথাপি পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে প্ৰতিজন অসমীয়াই। কিয়নো ই আমাৰ অতিকৈ আপোন।
ক’ৰণা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহতা পৰিস্থিতিৰ মাজতো বাপতিসাহোন এই ৰঙালী বিহুক অতীজৰে পৰা অসম তথা অসমীয়াই পালন কৰি অহা পৰম্পৰাক পুনৰ সজীৱ কৰি তুলিছে মৰিগাঁও জিলাৰ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।
এই উপলক্ষে মৰিগাঁও জিলাৰ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই মৰিগাঁওৰ অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, ৰমি বৰুৱা, নিৰ্বাচনী বিষয়া পল্লব জ্যোতি দাস সমন্বিতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকলক লগত লৈ পুৱাই উপস্থিত হয় মৰিগাঁও নগৰৰ এৰাগাঁৱত থকা শিশু গৃহত।
উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ অনাথ শিশু সকলে আশ্ৰয় গ্ৰহণ কৰি থকা গৃহটোত শিশু সকলৰ স্বাস্থ্যৰ যত্ন আৰু তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে ভালদৰে বুজ লয় মৰিগাঁওৰ জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ নেতৃত্বত যোৱা দলটোৱে।
ইয়াৰ লগতে উপায়ুক্ত ঋতুৰাজ বৰাৰ নেতৃত্বত যোৱা জিলা প্ৰশাসনৰ দলটোৱে অনাথ শিশু সকলক তেওঁলোকৰ ফালৰ পৰা  ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। উপায়ুক্তগৰাকীৰ নেতৃত্বত যোৱা জিলা প্ৰশাসনৰ দলটোৱে শিশু সকলক তেওঁলোকে গ্ৰহণ কৰিব লগা খাদ্যৰ একোটাকৈ টোপোলা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.