বিহুৰ দিনাই সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিলে বেচৰকাৰী সংগঠনে

0 633

নগাঁৱৰ বেচৰকাৰী স্বেচ্চাসেৱী অনুষ্ঠান মাল্টিফাৰ্ম ডেভেলপমেন্ট ফাউণ্ডেচনে নগাঁৱৰ জাজৰিত প্ৰায় ১০০ ঘৰ দুখীয়া লোকক বাপতি সাহোন ৰঙালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে ভয়াবহ সমস্যাৰ সৃষ্টি কৰাৰ পৰিপেক্ষিতত যি লক ডাউন চলি আছে এই সময় চোৱাত বহু সংখ্যক দুখীয়াই এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।
 
 
ইফালে অসমীয়াৰ ৰঙালী বিহুটিত বহু দুখীয়া লোকে চকুৰ পানী টুকিব লগা হৈছে। এনে সময়ত স্বেচ্চাসেৱী অনুষ্ঠান মাল্টিফাৰ্ম ডেভেলপমেন্ট ফাউণ্ডেচনে লোৱা এই পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰিছে। স্বেচ্চাসেৱী অনুষ্ঠানটিৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত প্ৰত্যেকজন দুখীয়া লোকক চাউল, আটা, দালি, আলু, ৰঙালাও, পিয়াজ, মিঠাতেল, নিমখ, চাবোন আদি বিতৰণ কৰে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.