বিহুৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰি চিকিৎসালয়ত ফেন যোগান ধৰিলে

0 221

ব্যক্তিৰ চিন্তা যেতিয়া ইতিবাচক হয়, ব্যক্তিৰ চিন্তাই যেতিয়া সমাজক গতি দিয়াৰ চিন্তা কৰে তেতিয়া সমাজত জড়তা আৰু স্থবিৰতা কেতিয়াও আহিব নোৱাৰে, সমাজৰ উন্নয়ন হ’বই৷
 
 
 
তেনে এক খবৰেই আজি উৎসাহ দিছে টীয়কবাসী ৰাইজক ৷ প্ৰতিবাৰৰ দৰেই এইবাৰো টীয়ক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলিছিল৷ সেই অনুসৰি  কৰ্মশালা, বিভিন্ন প্ৰতিযোগিতা  এক ব্যয়বহুল আয়োজন কৰা উপৰিও জনপ্ৰিয় শিল্পী বিপিন চাওদাং সৈতেও চুক্তিবদ্ধ হৈছিল ৷
 
 
 
তেনেতে সমগ্ৰ বিশ্ব কপাই মানৱ জাতিলৈ ভাবুকি কঢিয়াই অবিৰ্ভাৱ হোৱা ক’ৰণা ভাইৰাছৰ বাবে দেশ বাসী আজি গৃহবন্দী হৈ পৰিল ৷সেই বাবে এইবাৰ বিহুৰ অনুষ্ঠান বাতিল হ’ল৷
 
 
কিন্তু চৰকাৰী নিয়ম মানি বিহু সমিতিয়ে বিহুৰ পতাকা কালি উত্তোলন কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে যে বিহু আয়োজনৰ বাবে সংগ্ৰহৃত পুঁজিৰে টীয়কস্থিত এক মাত্ৰ উন্নত চিকিৎসা কেন্দ্ৰ টীয়ক FRU ৰ ৰোগী সকলৰ সুবিধা হোৱাকৈ চিকিৎসালয় খনত প্ৰথম পৰ্যায়ত ১২ খন ফেন প্ৰদান কৰিব৷
 
টীয়ক কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে এনে কাৰ্যই সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াইছে।
খবৰ যুগুতালে অঞ্জন প্ৰকাশে ..
 

Leave A Reply

Your email address will not be published.