বিৰল সংগ্ৰহালয়ে বৌদ্ধিক অন্বেষণৰ পথ মুকলি কৰিছে

0 336

মহানগৰীৰ হেঙাৰবাৰী এহাল দম্পত্তিয়ে বিৰল নিদৰ্শন দাঙি ধৰিছে ।৩০ বছৰ ধৰি ব্যক্তিগত প্ৰচেষ্টাত সংৰক্ষণ কৰিছে কিছুমান অমূল্য সম্পদ ।হেঙাৰবাৰীৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল মহানন্দ মেধি আৰু শান্তি মেধিৰ প্ৰচেষ্টাত গঢ় উঠা সংগ্ৰহালয়টোত আছে ইৰাণ, তুৰ্কী, ৰোমান দেশৰ মুদ্ৰা, আহোম আৰু মধ্য যুগৰ বহুতো অপুৰুগীয়া সম্পদ।সাঁচি পাতৰ পুথি, জয় ঢোল, ৰজা ঢোল আদি বেদুইন দেশত কন্যাক বিয়াত দিয়াত বাকচ ইত্যাদি ।ইয়াৰ উপৰিও বিভিন্ন দেশৰ পৰা সংগৃহীত ডাক টিকট,  ৰূপ, সোণৰ বাচন বৰ্তন আদিবোৰ অন্যতম ।মুঠতে মেধিৰ ঘৰত বিভিন্ন দেশৰ পৰা সংগৃহীত কৰা অলেখ সমল আছে।উল্লেখযোগ্য যে তেখেতে ২১বছৰ বয়সৰ পৰা  এই সমল সংগ্ৰহ কৰি ৰাখিছে ।ভৱিষ্যত প্ৰজন্মৰ বাবে মেধি দম্পত্তিয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাই নিসন্দেহে আশাৰ বতৰা কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.