মহানগৰীৰ হেঙাৰবাৰী এহাল দম্পত্তিয়ে বিৰল নিদৰ্শন দাঙি ধৰিছে ।৩০ বছৰ ধৰি ব্যক্তিগত প্ৰচেষ্টাত সংৰক্ষণ কৰিছে কিছুমান অমূল্য সম্পদ ।হেঙাৰবাৰীৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল মহানন্দ মেধি আৰু শান্তি মেধিৰ প্ৰচেষ্টাত গঢ় উঠা সংগ্ৰহালয়টোত আছে ইৰাণ, তুৰ্কী, ৰোমান দেশৰ মুদ্ৰা, আহোম আৰু মধ্য যুগৰ বহুতো অপুৰুগীয়া সম্পদ।সাঁচি পাতৰ পুথি, জয় ঢোল, ৰজা ঢোল আদি বেদুইন দেশত কন্যাক বিয়াত দিয়াত বাকচ ইত্যাদি ।ইয়াৰ উপৰিও বিভিন্ন দেশৰ পৰা সংগৃহীত ডাক টিকট, ৰূপ, সোণৰ বাচন বৰ্তন আদিবোৰ অন্যতম ।মুঠতে মেধিৰ ঘৰত বিভিন্ন দেশৰ পৰা সংগৃহীত কৰা অলেখ সমল আছে।উল্লেখযোগ্য যে তেখেতে ২১বছৰ বয়সৰ পৰা এই সমল সংগ্ৰহ কৰি ৰাখিছে ।ভৱিষ্যত প্ৰজন্মৰ বাবে মেধি দম্পত্তিয়ে গ্ৰহণ কৰা এই প্ৰচেষ্টাই নিসন্দেহে আশাৰ বতৰা কঢ়িয়াই আনিছে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা