বি জে পিত যোগদান কৰিলে বহু কেইগৰাকী শিল্পীয়ে

0 251

ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মূল্যবোধৰ প্ৰতি আকৃষ্ট হৈ ৰাজ্য কেইবাগৰাকীও বিশিষ্ট শিল্পী, কলা-কুশলীয়ে আনুষ্ঠানিক ভাৱে আজি বিজেপি দলত যোগদান কৰে। আজি যোগদান কৰা সকল হ’ল ক্ৰমে সংগীত পৰিচালক গীতিকাৰ বিমান বৰুৱা,জয়ন্ত কুমাৰ শৰ্মা,কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ, অভিনেতা পৰিচালক বনজিৎ শৰ্মা, কৌশিক শৰ্মা,সংগীত ব্যৱস্থাপক ভৱজ্যোতি দাস, সংগীত শিক্ষক বুলুমনী গোস্বামী,লোকবাদ্য শিল্পী নিকুঞ্জ মেধি, বাদ্য শিল্পী জগদীশ শৰ্মা, ব্যৱসায়ী চিৰঞ্জিৎ বৰপূজাৰী আৰু প্ৰণৱ কুমাৰ মিশ্ৰ।
 
 
ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ  সভাপতি ৰঞ্জিৎ কুমাৰ দাসে বিশিষ্ট ব্যক্তিসকলক গামোচা আৰু দলীয় গলবস্ত্ৰৰে সসস্যতা প্ৰদান কৰে আৰু তেওঁলোকক ভাৰতীয় জনতা পাৰ্টীৰলৈ আদৰণি জনায়।
অনুষ্ঠানত ভাষণ প্ৰসংগত সভাপতিগৰাকীয়ে কয় যে ১৮ কোটি পঞ্জীয়নভুক্ত সদস্যৰে বিজেপি পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। বৰ্তমান ৪২ লাখতকৈ কেইবাহাজাৰো অধিক সদস্যৰে জাতীয় সত্তাৰে উদ্ধুদ্ধ বিজেপিয়ে আগন্তুক দিনত ৬৫ লাখ কাৰ্য্যকৰ্তা সৃষ্টি লক্ষ্যৰ নিৰ্ধাৰণ কৰিছে।
 
 
ৰাজ্যসভাত শেহতীয়াকৈ গৃহীত কৃষি সম্বন্ধীয় বিধেয়ক খন মোডী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ বুলি প্ৰকাশ কৰি সভাপতিয়ে এই বিধেয়ক খন আদৰণি জনায়।তেওঁ কয় যে এই বিধেয়ক খনে কৃষিসকলক মধ্যভোগী কবলৰ পৰা মুক্ত কৰাৰ লগতে কোনো চৰকাৰী বেচৰকাৰী সংস্থা হকা বাধা অবিহনে যিকোনো ৰাজ্যত নিজৰ উৎপাদিত শস্য বিক্ৰী কৰিবলৈ সুবিধা পাব।শাক-পাচলি লগতে আন খাদ্যবস্তু মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত সহায়ক হ’ব লগীয়া এই বিধেয়ক খন কৃষকৰ আয় দুগুণ বৃদ্ধি কৰিব।সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ আদৰণীয়।
 
 
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত সভাপতিয়ে কয় যে এন আৰ চি ক্ষেত্ৰত থকা জটিলতা সমূহ দূৰ কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা,ৰাজ্যিক সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা , সহ আহ্বায়ক বিদ্যাসাগৰকে ধৰি ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.