বৃদ্ধি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ

0 204

পূৰ্বৰ ৬ টা সংযোজনৰ পাচত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অসম চৰকাৰে বৃহস্পতিবাৰে আৰু তিনিটা সংযোজন আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ এই ঘোষণা অনুসৰি নগাঁও জিলাৰ দেওচূড় আৰু পালখোৱাৰ লগতে দেওচূড় পাহাৰৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মুঠ ১৭৬ হেক্টৰক কাজিৰঙাৰ সপ্তম সংযোজন এলেকা হিচাপে ঘোষণা কৰিছে৷
 
 
একেদৰে নগাঁও জিলাৰে বান্দৰডুবি অঞ্চলৰ মুঠ ৩০৭ হেক্টৰৰ ভূমিক কাজিৰঙাৰ অষ্টম সংযোজন হিচাপে আৰু শোনিতপুৰ জিলাৰ মৌখোৱা চাপৰিৰ মুঠ ২৫৭০ হেক্টৰ ভুমিক কাজিৰঙাৰ নৱম সংযোজন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ৷ উল্লেখ্য যে সদ্য ঘোষিত কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন এলেকাত ২০১৬ চনৰ ১৯ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে চলোৱা উচ্চেদ অভিযানত অঞ্চলটোৰ পৰা মুঠ ৩৩২ টা পৰিয়ালক উচ্চেদ কৰা হৈছিল ৷
 
 
ইয়াৰে  নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত বান্দৰডুবিৰ ২০৬ টা, দেওঁচুড় চাঙৰ ১১৪ টা আৰু পালখােৱাৰ ১২ টা পৰিয়ালক এই অঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল । এই সম্পৰ্কত যোৱা ৩১ আগষ্টত বিধান সভাৰ মজিয়াত মন্ত্ৰী যোগেন মহনে দিয়া চৰকাৰী তথ্য মতে এই ৩৩২ টা উচ্চেদিত পৰিয়ালৰ ২২ টা পৰিয়াল বর্তমান কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰীৰ চৰকাৰী মাটিত, ১৫ টা পৰিয়াল পূৱ দেওঁপানীৰ চৰকাৰী মাটিত, বাকী ১৫ টা পৰিয়ালে পূৱ দেওঁপানী দলঙৰ ৰাষ্ট্ৰপথৰ কাষৰ চৰকাৰী মাটিত, ১১ টা পৰিয়াল দেওপানীত, ১৫ টা পৰিয়াল কুঠৰীত আৰু ১ টা পৰিয়াল ন-জানৰ নিজা মাটিত বসবাস কৰি আছে । ৰাজহ বিভাগৰ তথ্য মতে বাকী থকা ২৫৩ টা পৰিয়াল বর্তমান চেকনি পথাৰ, হােলা আৰু গৰুবন্ধাৰ নিজা মাটিত বসবাস কৰি আছে ৷
এই উচ্চেদিত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ বাবে মুঠ ২২,৮৪ লাখ টকাৰ ক্ষতিপুৰণৰ প্রস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল ৰাজহ ও দুর্যোগ ব্যৱস্থাপনা বিভাগে ৷ ইতিমধ্যে বান্দৰড়ুবি আৰু পালখােৱাৰ পট্টাভুক্ত মাটিৰ পৰা উচ্ছেদত হােৱা লােক সকলক ১৪.৭১ কোটিৰো অধিক টকাৰ  ক্ষতিপুৰণ হিচাপে অসম চৰকাৰে আৱন্তন দিয়া বুলি বিধান সভাত ৰাজহ ও দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনে ঘোষণা কৰিছিল৷
 
কাজিৰঙাৰ সপ্তম আৰু অষ্টম সংযোজন হিচাপে ঘোষিত কলিয়াবৰ মহকুমাৰ দেওচূড় আৰু পালখোৱা অঞ্চল সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ আৱাস হিচাপে গঢ়ি উঠাৰ লগতে কাজিৰঙাৰ পৰ্যটনৰ বাবেও অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হৈছে ৷ একেদৰে শোনিতপুৰৰ মৌখোৱা অঞ্চলো ৰাষ্ট্ৰীয় উদ্যানখনো বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.