ব্যক্তিগত প্ৰচেষ্টাত এটা পৰিয়ালে পথ নিৰ্মাণ কৰিলে

0 235

মহানগৰীৰ পশ্চিম গুৱাহাটীৰ এটা পৰিয়াল।পৰিয়ালটোৰ প্ৰধান ব্যক্তি গৰাকীয়ে স্বৰ্গীয় পিতৃৰ নাম যুগমীয়া কৰি ৰাখিবলৈ পিতৃৰ নামত ৰাজপথ আৰু তোৰণ নিৰ্মাণ কৰিলে।প্ৰায় ২০০মিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ নিৰ্মাণত ব্যয় হৈছিল ২০লক্ষাধিক টকা।উল্লেখযোগ্য যে পথটো নিৰ্মাণ হৈছে অসম আন্দোলনৰ অগ্ৰণীয় কৰ্মী গোবিন্দ মজুমদাৰৰ নামেৰে।জানিব পৰা মতে এই পথটোৰ জৰিয়তে তেতেলিয়া, উদয়নগৰ অঞ্চলৰ ৰাইজ বিশেষ ভাৱে উপকৃত হ’ব ।২০১৭ চনৰ পৰা পৰিয়ালটোৰ ব্যক্তিগত প্ৰচেষ্টাত পথটোৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল ।আজি পথটো আনুষ্ঠানিক ভাৱে মুকলি কৰে গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই।যি সময়ত একাংশ পাষাণ সন্তানে জীৱিত অৱস্থাতে পিতৃ মাতৃক ৰাজপথত পেলাই থৈ যায়।সেই সময়ত পংকজ মজুমদাৰৰ পৰিয়ালে নিদৰ্শন দাঙি ধৰিছে ।

Leave A Reply

Your email address will not be published.