ব্যতিক্ৰমী চিন্তাৰে চোতালত উন্মোচন দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত

0 123

ঐতিহাসিক সোনাই নদীৰ পাৰৰ চিন্তাশীল লেখক,অৱসৰপ্ৰাপ্ত শিক্ষক দেৱকান্ত বৰদলৈৰ দ্বিতীয়খন গ্ৰন্থ “অতীতৰ সন্ধানত” আজি উন্মোচন হয়।এক ব্যতিক্ৰমী চিন্তাৰে অতি কম সংখ্যক শুভাকাংশীৰ উপস্থিতিত মুকলি আকাশৰ তলত তেখেতৰ চোতালত গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী পুতুকন বৰদলৈয়ে।

উন্মোচনী অনুষ্ঠানত দেৱকান্ত বৰদলৈৰ মননশীল সাহিত্য চৰ্চাৰ বিষয়ে উদগনীমূলক বক্তব্য প্ৰকাশ কৰে নৰেন ডেকা,সুৰেন দাস আৰু সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে।অনুষ্ঠানত উপস্থিত থাকে অঞ্চলৰ বিশিষ্ট ব্যক্তি কুশল বৰদলৈ, মুহিকান্ত বৰদলৈ, মৃদুমধুকল্য গোস্বামী, পবিত্র বৰদলৈ, সুৰুজ বৰদলৈ, শৰৎ ডেকা, প্ৰণিতা দেউৰী বৰদলৈ আৰু ৰিপুঞ্জয় বৰদলৈ পামচং।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.