ব্যতিক্ৰম ধৰণে ছবি অংকন কৰি অভিজ্ঞান জনপ্ৰিয় হৈ পৰিছে

0 589

এগৰাকী প্ৰতিভাৱান যুৱক। গোলাঘাট জিলাৰ বৰপথাৰৰ এই প্ৰতিভাৱান যুৱক গৰাকীৰ নাম অভিজ্ঞান দত্ত। এই অভিজ্ঞান দত্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহুটো দৃষ্টিনন্দন ছবি। অভিজ্ঞানে অংকন কৰা ছবি সমূহে আপোনাকো আচৰিত কৰি তুলিব। কিয়নো হাতৰ সমান্তৰালকে ভৰি আৰু মুখেৰেও অভিজ্ঞানে ছবি অংকন কৰিব পাৰে। এনেদৰেই অভিজ্ঞানে অংকন কৰিছে বহু কেইখন আকৰ্ষণীয় ছবি। 
 

অভিজ্ঞান দত্তই  দুয়োখন হাত আৰু মুখেৰে একেলগে ছবি অংকন কৰিলে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ। সমান্তৰালভাৱে অভিজ্ঞানৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হীৰু দা, হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ, পাপন আৰু ডক্টৰ ভূপেন হাজৰিকা প্ৰতিচ্ছবি। অভিজ্ঞানে ফাইন আৰ্টছত স্নাতকত অধ্যয়ন কৰি আছে।
এনেধৰণে  ছবি অংকন কৰিবলৈ অভিজ্ঞানে পিতৃ মাতৃৰ পৰা  সৰু কালৰে পৰাই অনুপ্ৰাণিত হৈ আহিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ছবি অংকন কৰি বহুতৰে সমাদৰ বুটলিবলৈও ইতিমধ্যে সক্ষম হৈছে । অভিজ্ঞানৰ সপোন ভৱিষ্যতত এগৰাকী সু চিত্ৰশিল্পী হোৱাৰ।

Leave A Reply

Your email address will not be published.