দেশৰ ক`ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াই চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰি উদযাপন কৰিবলগীয়া হৈছে আপোন ৰঙালী বিহুটি।টীয়কৰ কাকজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়েও প্ৰশাসনৰ নীতি নিয়ম মানি কাকজান খেলপথাৰত দিনযোৰকৈ আয়োজন কৰিছে ৰঙালী বিহু।এই বিহুৰ বাকৰিতে অঞ্চলটোৰ যুৱচামে দেখুৱাইছে এক আদৰ্শ। কাৰ্যসূচীৰ সমান্তৰালকৈ আয়োজন কৰিছে বৰদেউতাৰ আশীৰ্বাদ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।অঞ্চলটোৰ প্ৰায় দুই শতাধিক সত্তৰ উদ্ধৰ পুৰুষ-মহিলাক নিমন্ত্ৰণ কৰি পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে জেষ্ঠজনক একোখনকৈ বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লোৱাৰ লগতে সম্প্ৰীতিৰে জলপানৰ দিহা কৰিছে।উক্ত কাৰ্যসূচীৰ সমান্তৰালকৈ সেই সময়ৰ বিহু আৰু বৰ্তমান বিহুৰ মাজৰ সাদৃশ্য ও পাৰ্থক্যৰ ওপৰত বিভিন্নজনে মন্তব্য আগবঢ়াৱাৰ লগতে অতীতক স্মৰণ কৰি কেইবাগৰাকীও জেষ্ঠই বিহু গাই এক সুকীয়া পৰিবেশ গঢ়ি তোলিছে।জেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি বিহুত আশীৰ্বাদ লোৱা অসমীয়া সমাজৰ যি আদৰ্শ তাক উত্তৰ পুৰুষক চিনাকী কৰাৰ উদ্দেশ্যেৰে কাকজান বিহু সন্মিলনৰ এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে।উল্লেখযোগ্য যে এই অনুষ্ঠানত শতায়ু গৰকা লগতে পবিত্ৰ ৰমজানৰ মাজতে কেইবাগৰাকীও মুছলমান সম্প্ৰদায়ৰ জেষ্ঠ উপস্থিত থাকি বৰ অসমৰ সমন্বয়ৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ