দেশৰ ক`ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াই চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰি উদযাপন কৰিবলগীয়া হৈছে আপোন ৰঙালী বিহুটি।টীয়কৰ কাকজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়েও প্ৰশাসনৰ নীতি নিয়ম মানি কাকজান খেলপথাৰত দিনযোৰকৈ আয়োজন কৰিছে ৰঙালী বিহু।এই বিহুৰ বাকৰিতে অঞ্চলটোৰ যুৱচামে দেখুৱাইছে এক আদৰ্শ। কাৰ্যসূচীৰ সমান্তৰালকৈ আয়োজন কৰিছে বৰদেউতাৰ আশীৰ্বাদ শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান।অঞ্চলটোৰ প্ৰায় দুই শতাধিক সত্তৰ উদ্ধৰ পুৰুষ-মহিলাক নিমন্ত্ৰণ কৰি পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে জেষ্ঠজনক একোখনকৈ বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লোৱাৰ লগতে সম্প্ৰীতিৰে জলপানৰ দিহা কৰিছে।উক্ত কাৰ্যসূচীৰ সমান্তৰালকৈ সেই সময়ৰ বিহু আৰু বৰ্তমান বিহুৰ মাজৰ সাদৃশ্য ও পাৰ্থক্যৰ ওপৰত বিভিন্নজনে মন্তব্য আগবঢ়াৱাৰ লগতে অতীতক স্মৰণ কৰি কেইবাগৰাকীও জেষ্ঠই বিহু গাই এক সুকীয়া পৰিবেশ গঢ়ি তোলিছে।জেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি বিহুত আশীৰ্বাদ লোৱা অসমীয়া সমাজৰ যি আদৰ্শ তাক উত্তৰ পুৰুষক চিনাকী কৰাৰ উদ্দেশ্যেৰে কাকজান বিহু সন্মিলনৰ এই পদক্ষেপক সকলোৱে আদৰণী জনাইছে।উল্লেখযোগ্য যে এই অনুষ্ঠানত শতায়ু গৰকা লগতে পবিত্ৰ ৰমজানৰ মাজতে কেইবাগৰাকীও মুছলমান সম্প্ৰদায়ৰ জেষ্ঠ উপস্থিত থাকি বৰ অসমৰ সমন্বয়ৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত