দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰৰ সমীপৱৰ্তী হুদুমপুৰ গাঁৱৰ লাহেশ্বৰীত ১৯৮৯ চনতে স্থাপিত শ্ৰীশ্ৰী মা কালী মন্দিৰটোৰ মণিকূটটো জৰাজীৰ্ণ ৰূপ লোৱাত মন্দিৰ সমিতিয়ে মন্দিৰটো পুন:নিৰ্মাণ কৰাৰ উদ্দেশ্য দূৰ্গেশ্বৰ কলিতাক সভাপতি আৰু অনিৰ্বান কলিতা, নয়ন মেধিক সম্পাদকৰ দায়িত্ব দি ১৫ জনীয়া নিৰ্মাণ সমিতি এখন গঠন কৰা হয়। এই সমিতিয়ে যোৱা ১৫ এপ্ৰিলৰ দিনা অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত কৃষি বিভাগৰ কৰ্মচাৰী কমলা কান্ত কলিতাৰ দ্বাৰা মন্দিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত নিৰ্মাণ কাৰ্যৰ লগত জড়িত ৰাজমিস্ত্ৰী তিনি গৰাকীকো ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। বৃহত্তৰ হুদুমপুৰ, পলাশবাৰী, কুকুৰীয়া অঞ্চলৰ ৰাইজৰ ব্যাপক সহাৰিয়ে মন্দিৰ নিৰ্মাণ সমিতিক উৎসাহিত কৰাৰ লগতে অঞ্চলবাসী ৰাইজৰ কিছুসংখ্যক ভক্তপ্ৰাণ দাতাই দান-বৰঙণি আগবঢ়ায়। মন্দিৰ নিৰ্মাণ সমিতিয়ে আগলৈ ৰাইজৰ দিহা-পৰামৰ্শ, দান -বৰঙণি তথা সহায়-সহযোগিতা কামনা কৰিছে। উক্ত অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ গয়ৰহৰ সভাপতি, সম্পাদক, সমূহ জ্যেষ্ঠ নাগৰিক তথা পুৰুষ-মহিলাসহ ভালেমান ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁতধৰে শিক্ষক ভদ্ৰেশ্বৰ কলিতাই।
Trending
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক