দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰৰ সমীপৱৰ্তী হুদুমপুৰ গাঁৱৰ লাহেশ্বৰীত ১৯৮৯ চনতে স্থাপিত শ্ৰীশ্ৰী মা কালী মন্দিৰটোৰ মণিকূটটো জৰাজীৰ্ণ ৰূপ লোৱাত মন্দিৰ সমিতিয়ে মন্দিৰটো পুন:নিৰ্মাণ কৰাৰ উদ্দেশ্য দূৰ্গেশ্বৰ কলিতাক সভাপতি আৰু অনিৰ্বান কলিতা, নয়ন মেধিক সম্পাদকৰ দায়িত্ব দি ১৫ জনীয়া নিৰ্মাণ সমিতি এখন গঠন কৰা হয়। এই সমিতিয়ে যোৱা ১৫ এপ্ৰিলৰ দিনা অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত কৃষি বিভাগৰ কৰ্মচাৰী কমলা কান্ত কলিতাৰ দ্বাৰা মন্দিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত নিৰ্মাণ কাৰ্যৰ লগত জড়িত ৰাজমিস্ত্ৰী তিনি গৰাকীকো ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। বৃহত্তৰ হুদুমপুৰ, পলাশবাৰী, কুকুৰীয়া অঞ্চলৰ ৰাইজৰ ব্যাপক সহাৰিয়ে মন্দিৰ নিৰ্মাণ সমিতিক উৎসাহিত কৰাৰ লগতে অঞ্চলবাসী ৰাইজৰ কিছুসংখ্যক ভক্তপ্ৰাণ দাতাই দান-বৰঙণি আগবঢ়ায়। মন্দিৰ নিৰ্মাণ সমিতিয়ে আগলৈ ৰাইজৰ দিহা-পৰামৰ্শ, দান -বৰঙণি তথা সহায়-সহযোগিতা কামনা কৰিছে। উক্ত অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ গয়ৰহৰ সভাপতি, সম্পাদক, সমূহ জ্যেষ্ঠ নাগৰিক তথা পুৰুষ-মহিলাসহ ভালেমান ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁতধৰে শিক্ষক ভদ্ৰেশ্বৰ কলিতাই।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ