অহা ২১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনী ব্যয় পঞ্জীসমূহৰ পৰীক্ষণ কালি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক ব্ৰুন্দাবন বেহেৰা, নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক টি পি চেলিম কুমাৰ আৰু জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দীপক কুমাৰ সন্দিকৈৰ উপস্থিতিত সম্পন্ন হয়।নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক ব্ৰুন্দাবন বেহেৰাৰ লগতে এই পৰীক্ষণ কাৰ্য্যসূচীত উপস্থিত থাকে সহকাৰী নিৰ্বাচনী ব্যয় পৰ্য্যবেক্ষক সঞ্জয় মজুমদাৰ কোষাগাৰ বিষয়া সুশীলা আহোম অগ্ৰণী জিলা প্ৰৱন্ধক প্ৰবীণ সোনোৱাল জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈ জনসংযোগ বিষয়া জয়ন্ত মাউত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সত্যজিত কৰ আদিকে ধৰি নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষৰ অন্যান্য বিষয়া সকল।ইয়াৰ উপৰিও পৰীক্ষণ কাৰ্য্যসূচীত চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন বেংকৰ বিষয়া সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী এজেণ্ট সকলেও অংশগ্ৰহণ কৰে।সভাৰ শেষত চৰাইদেউ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী সাধাৰণ পৰ্য্যবেক্ষক ব্ৰুন্দাবন বেহেৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাথী দুজনৰ নিৰ্বাচনী ব্যয় দৈনিক ভিত্তিত সংশ্লিষ্ট নিৰ্বাচনী ব্যয় নিৰীক্ষণ কোষক দাখিল কৰিবলৈ আহ্বান জনায়।অন্যহাতে জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে আগন্তক অসম বিধানসভাৰ ১০৬ নং সোণাৰি বিধান সভা সমষ্টিত মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে উপ নিৰ্বাচন অনুষ্ঠিত কৰাত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ