ব্যৱসায়ী সন্মিলন অনুষ্ঠিত

0 153

যোৱা ৩১ মে’ তাৰিখৰ পৰা ৩০ জুনলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে মহা জন সম্পৰ্ক অভিযান লগত সংগতি ৰাখি শুক্ৰবাৰে সন্ধিয়া ৭ বজাত হোটেল বিশ্বৰত্নত গুৱাহাটী লোকসভা ভিত্তিক গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধাৰ কুইন ওজাৰ উদ্যোগত এখনি ব্যৱসায়ী সন্মিলন অনুষ্ঠিত হৈ যায়।

উক্ত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় উপ সভাপতি তথা বি জে পি অসম প্ৰদেশৰ প্ৰভাৰী ভিজয় জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, অসম ফাইনেন্স কৰ্পৰেচনৰ সভাপতি বিজয় গুপ্তা, ৰাজ্যিক মুখপাত্ৰ ৰুপম গোস্বামীৰ লগতে প্ৰমুখ্যে দলৰ জেষ্ঠ কাৰ্য্যকৰ্তা সকল।উক্ত অনুষ্ঠানত ব্যৱসায়ী সকলৰ বিভিন্ন মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ মতামত গ্ৰহণ কৰি আগন্তুক দিনত চৰকাৰখনে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা ভিজয় জয় পাণ্ডাই মন্তব্যত উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.