ব্ৰহ্মপুত্ৰৰ বলুকা চিৰ সেউজ কৰি তুলিছে মঞ্জিত পাতিৰে

0 322

এগৰাকী প্ৰচাৰ বিমুখ নীৰৱ প্ৰকৃতি সংৰক্ষক।তেখেতে বিগত ১১বছৰ ধৰি নিৰবিছিন্ন ভাবে প্ৰকৃতি সংৰক্ষণত ব্ৰতী হৈ আহিছে।মানৱ জাতিৰ কল্যাণৰ হকে আত্মনিয়োগ কৰি অহা এই গৰাকী মানৱতাবাদী প্ৰকৃতি প্ৰেমী হৈছে মনজিৎ পাতিৰ।

ঘৰ ঢকুৱাখনা মহকুমাৰ বকুলগুৰিত।যিসময়ত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে,তেনে সময়তে একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সাহাৰ্য নোলোৱাকৈ এইগৰাকী  প্ৰকৃতি প্ৰেমীয়ে গঢ়ি তুলিছে এখন বিশাল অৰণ্য।শুভ্ৰ বগা ব্ৰহ্মপুত্ৰৰ বলুকাময় বুকুত গঢ়ি তুলিবলৈ সক্ষম হৈছে এখন চিৰ সেউজ দলিছা।প্ৰায় ২০০ পুৰা ব্ৰহ্মপুত্ৰৰ বুকুৰ বলুকাৰ চাপৰিত পাতিৰে যোৱা ২০১২ চনৰ পৰা গঢ়ি তুলিবলৈ সমৰ্থ হৈছে এখন বিশাল অৰণ্য।প্ৰথম অৱস্থাত ব্ৰহ্মপুত্ৰ চাপৰি বনানিকৰণ সমিতি গঠন কৰি  ব্ৰহ্মপুত্ৰৰ বুকুৰ মাদুৰি চাপৰি , জাৱৰচুকৰ বিশাল আৱাদী ভূখণ্ডত শিমলু,শিলিখা,বৰগছ ,আঁহত আদি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰুই পৰৱৰ্তী সময়ত প্ৰায় ২০০পূৰা চাপৰিৰ মাটিলৈ এই সেউজীয়াকৰণ কাৰ্যসূচী সম্প্ৰসাৰণ ঘটায়।নিজস্ব পুঁজি আৰু শ্ৰমৰ বিনিময়ত সমিতিৰ সকলো সদস্যৰ সহযোগিতাৰে সম্প্ৰতি এখন বিশাল অৰণ্যৰ গঢ় দিবলৈ সক্ষম হোৱা মঞ্জিত পাতিৰৰ এনে নিঃস্বাৰ্থ পদক্ষেপ প্ৰতিগৰাকী নাগৰিকৰ বাবে অনুকৰনীয়। প্ৰকৃতি প্ৰাণীকুল আৰু পৰিবেশৰ বাবে আত্মোৎসর্গা কৰা মঞ্জিত পাতিৰে শেহতীয়াকৈ নামি পৰিছে প্ৰকৃতিৰ বাবে গছ দান আৰু চেভ গ্ৰীণ ৱৰ্ল্ড মিছন শীৰ্ষক দুই আদৰ্শনীয় আঁচনি।এই আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালে নিজৰ স্বৰ্গগত আত্মীয়ৰ নামত নিজৰ বাৰীৰ  এজোপাকৈ গছ দান দিয়ে আৰু আজীৱন সেইজোপা গছৰ সুৰক্ষা দিয়াৰ দায়িত্ব উক্ত পৰিয়ালটোক প্ৰদান কৰে।নিজৰ স্বৰ্গগত আত্মীয়ৰ নামত উৎসৰ্গিত বৃক্ষক লালন পালন কৰি পুৰুষ প্ৰজন্ম ধৰি হানি বিঘিনি নোহোৱাকৈ ৰখাৰ দায়িত্ব পৰিয়ালটোক দিয়া এই আঁচনিৰ জৰিয়তে ইতিমধ্যে হাজাৰ বিজাৰ বৃক্ষ সংৰক্ষণ কৰিবলৈ সমৰ্থ হৈছে এইসকল নীৰৱ প্ৰকৃতি সংৰক্ষকগৰাকীয়ে।সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে স্বৰ্গগামী আত্মীয়ৰ নামত প্ৰকৃতিলৈ উৎসৰ্গা কৰা এই বৃক্ষ সমূহত নাম ফলক লগাই ডিয়াৰো ব্যৱস্থা কৰে প্ৰকৃতিলৈ গছ দানৰ নেতৃত্ববাহী পাতিৰে।ইয়াৰ উপৰিও প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তা,পাৰিপাৰ্শ্বিক পৰিবেশ আৰু জীৱকুলৰ সংৰক্ষণৰ প্ৰাসংগিকতা সন্দৰ্ভত ধাৰাবাহিক সজাগতা সৃষ্টি কৰি অহা প্ৰচাৰবিমুখ প্ৰকৃতি সংৰক্ষক মনজিৎ পাতিৰে নিজৰ ঘৰৰ বাৰীত গঢ়ি তুলিছে এখন গছ পুলিৰ নাৰ্ছাৰী।য’ৰ পৰা  গছপুলি ৰোপন নহয় উপযুক্ত প্ৰতিপালন কৰি জীয়াই তোলাৰ আশ্বাস প্ৰতিগৰাকী প্ৰকৃতি প্ৰেমিক বিনামূলীয়া ভাবে গছপুলি বিতৰণ কৰি আহিছে পাতিৰে।প্ৰকৃতি সংৰক্ষক পাতিৰে জনোৱা মতে কোনো ধৰণৰ চৰকাৰী অৰ্থ সাহাৰ্য্য অবিহনে শুভাকাংক্ষী, প্ৰকৃতি প্ৰেমীৰ সহযোগত বছৰ বছৰ ধৰি নিৰন্তৰ হাৰত চলাই গৈছে মানৱতাবাদী এই গোপন সংগ্ৰাম।

ব্ৰহ্মপুত্ৰৰ চাপৰিৰ শ শ বিঘা চন পৰা মাটিত বনানিকৰণ কৰি সমাজ সভ্যতা আৰু বিশ্ব ব্ৰহ্মাণ্ডলৈ মেটমৰা অতুলনীয় অৱদান আগবঢ়াই যোৱা মনজিৎ পাতিৰহতৰ এনে প্ৰয়াস নিতান্তই শলাগ লবলগীয়া আৰু অনুকৰণীয় হিচাবে ধৰা দিছে। নীৰৱ প্ৰকৃতি সংৰক্ষক পাতিৰৰ আহ্বান যদি কোনো মানৱদৰদী ব্যক্তিয়ে স্বৰ্গগামী আত্মীয়ৰ নামত বৃক্ষ উৎসৰ্গা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে তেন্তে পাতিৰৰ 91013 29927 ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.