শিল্পী অৰুণ দাসৰ স্বাস্হ্যৰ বুজ ল’লে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াই

0 165

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াই আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ এসময়ৰ জনপ্ৰিয় সংগীত শিল্পী অৰুণ কুমাৰ দাসৰ স্বাস্হ্যৰ বুজ লয়। ৰাজ্যিক বিত্তীয় নিগমৰ অধ্যক্ষ ৰূপম গোস্বামীক লগত লৈ চিকিৎসালয়খনত উপস্থিত হোৱা মন্ত্রী গৰাকীয়ে ইয়াৰ আই চি ইউত চিকিৎসাধীন হৈ থকা শিল্পী গৰাকীৰ সৈতে কথা বতৰা পতাৰ লগতে তেওঁক চিকিৎসা কৰি থকা চিকিৎসকৰ পৰাও শিল্পী দাসৰ স্বাস্হ্যৰ বিষয়ে বিতংভাৱে অৱগত হয়। চিকিৎসকে জনোৱা মতে স্নায়ুৰ ৰোগত ভূগি থকা শিল্পী দাসৰ স্বাস্হ্যৰ অৱস্হা সম্প্ৰতি সুস্থিৰ আৰু কিছু পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰি দুই -চাৰি দিনৰ পাছত তেখেতক ঘৰলৈ যাব দিব পৰা হ’ব।
সাংস্কৃতিক মন্ত্রী বড়াই শিল্পী গৰাকীৰ পত্নী পিংকি দাসৰ হাতত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা আৰ্থিক সাহায্যৰ চেক এখনো প্ৰদান কৰে।উল্লেখ্য যে কিছুদিনৰ পৰা অসুস্থ হৈ থকা শিল্পী অৰুণ দাসক আজি চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে।

Leave A Reply

Your email address will not be published.