ব্ৰিটেইনৰ প্ৰখ্যাত লীড্ বিশ্ববিদ্যালয়ে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ স’তে বুজাবুজিৰ চুক্তি কৰিবলৈ ইচ্ছা প্ৰকাশ

0 261

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানখন যোৱা ২৭ জানুৱাৰীত পৰিদৰ্শন কৰে প্ৰখ্যাত লীড্ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মমিতা বৰুৱাই। প্ৰাৰম্ভিক বাৰ্তালাপ আৰু গৱেষণা পৰীক্ষাগাৰ পৰিদৰ্শন কৰি ড০ বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে। ড০ বৰুৱাই লগতে প্ৰতিষ্ঠানখনৰ অধ্যাপক-অধ্যাপিকাৰ স’তে মত বিনিময় কৰি তেওঁলোকৰ গৱেষণাৰ পৰিসৰসমূহক উচ্চ প্ৰশংসা কৰে। লগতে Assam Science and technology বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত ফেকাল্টি ডেভেলপমেণ্ট অনুষ্ঠান “Basic Statisrical Techniques used in health and clinical Research” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানটি শুভাৰম্ভ কৰে Assam Science and technology বিশ্ববিদ্যালয়ৰ Academic Registrar ড০ বিশ্বৰঞ্জন ফুকনে। অনুষ্ঠানত ড০ বৰুৱাই নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক ড০ হিতেশ বৰুৱা আৰু অধ্যক্ষ ড০ ভাৰ্গৱজ্যোতি চহৰীয়াক লীড্ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে এখন গৱেষণাৰ বুজাবুজিৰ চুক্তি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ড০ বৰুৱাৰ প্ৰস্তাৱক সহাঁৰি জনাই অতি শীঘ্ৰে প্ৰতিষ্ঠান দুখনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড০ ভাৰ্গৱজ্যোতি চহৰীয়াই।

Leave A Reply

Your email address will not be published.