বৰপেটাৰ সত্ৰই গণনা কৰা বৰ্ষফলৰ মতে বছৰটো কেনে হ`ব

0 210

বিগত বছৰৰ দৰে এইবাৰ বৰ্ষফল গণনা হ’ল বৰপেটা সত্ৰৰ। দৈব্যজ্ঞ ত্ৰিদিপ শৰ্মা দলৈয়ে কালি বৰ্ষফল গণনা কৰে।দৈৱজ্ঞ গৰাকীয়ে জনোৱা মতে বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাশি কৰ্কট।ৰাশিফলমতে, পঞ্চম স্থানত কেতু, সপ্তমস্থানত শনি, অষ্টমস্থানত বৃহস্পতি,দশমস্থানত শুক্ৰ, ৰবি, বুধ, একাদশত মংগল, ৰাহু, চন্দ্ৰ অৱস্থান কৰাত আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয় ৷সংক্ৰান্তি সময়ত কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টি পৰিছে ৷ শনি ৰজা আৰু মঙ্গল মন্ত্ৰী হোৱাত লগতে সপ্তমস্থানত শনি অৱস্থান কৰাত ৰাজ্যত বছৰটোত আন্দোলন বৃদ্ধি, দুৰ্ঘটনা, হত্যা, অপহৰণ, সন্ত্ৰাসবাদ মূলক কাৰ্য বৃদ্ধি পাব ৷ বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুৰ্ঘটনা, গুপ্তহত্যাৰ যোগ আৰু প্ৰাকৃতিক দুৰ্যোগে ৰাজ্যখনৰ অঞ্চলভেদে ব্যাপক ক্ষতি সাধন কৰিব ৷
বৰ্ষফল গণনা মতে, এইবেলি শুক্ৰ জলাধিপতি আৰু চন্দ্ৰ শস্যাধিপতি হোৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ প্ৰভূত ক্ষতিসাধন হব ৷ বৰ্ষফল অনুসৰি ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে বুলিও শৰ্মাদলৈয়ে কয় ৷ আনহাতে কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টিৰ বাবে সকলো দলৰ ৰাজনৈতিক নেতাসকলে সাৱধান হোৱাটো মঙ্গলজনক বুলি উল্লেখ কৰে ৷
তাৰোপৰি ৰাজ্য শাসনৰ ক্ষেত্ৰত সেনা আৰক্ষীৰ কাৰ্যকলাপ বৃদ্ধিৰ যোগ ৷ইপিনে ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাতেই অধিক শুভ বুলি মন্তব্য কৰে দৈৱজ্ঞ গৰাকীয়ে ৷ ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাৰ ভিতৰত সৰ্বানন্দ সোনোৱালৰ দশাই শ্ৰেষ্ঠ ফল লাভ কৰা বুলিও মন্তব্য ৷
আনহাতে ভাৰত দেশৰ ৰাশি মকৰ ৷ ৰাশি চক্ৰ মতে বছৰটোৰ অধিকাংশ সময় ভাৰতৰ বাবে প্ৰতিকুল হব ৷ জন্ম ৰাশিত শনি অৱস্থান কৰাত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব যদিও সন্ত্ৰাসবাদীয়ে মূৰ দাঙি উঠিব নোৱাৰিব ৷ বছৰটো নানা ধৰণৰ প্ৰতিকুল অৱস্থাৰ মাজেৰে অতিবাহিত হব ৷ ৰাজনৈতিক, সামাজিক, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক সংকট, আন্দোলন, সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত থাকিব যদিও গুৰু শুক্ৰৰ শুভ প্ৰভাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষতাৰে দেশ শাসন কৰিবলৈ সক্ষম হব ৷ নৰেন্দ্ৰ মোডীৰ শপতকাল আৰু জন্ম ৰাশি অনুসৰি শ্ৰেষ্ঠ ফল লাভ কৰিব ৷ লগ্ন স্থানত শনি আছে আৰু শনি ৰজা হোৱাৰ বাবে নৰেন্দ্ৰ মোডীৰ সন্মান লাভ, শুভকাৰ্য, ভাগ্য লাভ, আনন্দ লাভ হব ৷ সন্ত্ৰাসবাদ নিৰ্মুল কৰণত ভাৰতে পৃথিৱীৰ ভালেমান দেশৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে ৷

Leave A Reply

Your email address will not be published.