ভাস্কৰ্য শিল্পৰে জীৱন জিনাৰ পণ চতিয়াৰ ৬৬ বছৰীয়া দিপক হাজৰিকাৰ

0 198

চতিয়াৰ ভকতগাঁৱৰ এজন ভাস্কৰ্য শিল্পী । তেখেতৰ নাম দিপক হাজৰিকা । ১৯৭০ চনৰ পৰাই তেখেতে ভাস্কৰ্য শিল্পৰ জৰিয়তে স্বাবলম্বীতাৰ বাট বুলিছে। এই গৰাকী শিল্পী গৰাকীয়ে ড° ভুপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, জামুগুৰিহাটৰ বিশিষ্ট অভিনেতা প্ৰয়াত গজেন বৰুৱা, হিতেশ্বৰ শইকীয়া, মনালিছা, যীশু খ্ৰীষ্ট, শিৱ, মহাত্মা গান্ধী, নটৰাজৰ লগতে বহুকেইজনৰ লগতে অসমীয়া পৰম্পৰাগতৰ আচবাব নিৰ্মাণ কৰিছে । ভাস্কৰ্য অধিক প্ৰসাৰিত কৰা মন থকা এই গৰাকী শিল্পীয়ে অনাগত দিনত চৰকাৰৰ ফালৰ পৰা যদি সা-সুবিধা পায় তেনেহ’লে এজন সফল ভাস্কৰ্য শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.