ভাৰতীয় জনতা পাৰ্টিৰ মহা জনসম্পৰ্ক অভিযান অনুষ্ঠিত

0 185

ভাৰতীয় জনতা পাৰ্টিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশস্বৰূপে পশ্চিম গুৱাহাটী সমষ্টি ভিত্তিত আজাৰাত আয়োজিত “সংযুক্ত মৰ্চা সন্মিলন” অনুষ্ঠিত হৈ যায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মহা জন সম্পৰ্ক অভিযানৰ অংশ হিচাপে ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে আজি আজাৰাস্থিত ৰাজহুৱা সভাগৃহত পশ্চিম গুৱাহাটী সমষ্টি ভিত্তিত সংযুক্ত মৰ্চা সন্মিলন অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, সাংগঠনিক সাঃ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য তথা পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ মহা জন সম্পৰ্ক অভিযানৰ প্ৰভাৰী অশোক কুমাৰ ভৰালী, গুৱাহাটী মহানগৰ জিলা সভাপতি তপন দাস সহিতে জিলাৰ বিষয়ববীয়া, মণ্ডলৰ সভাপতি আৰু বিষয়ববীয়া সকলৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মৰ্চা সমুহৰ সভাপতি আৰু বিষয়ববীয়া সকল।

Leave A Reply

Your email address will not be published.