ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি মহাৰাষ্ট্রৰ পুণেত যোৱা ১৭ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত চতুৰ্দশ সংখ্যক ক্ৰীড়া প্ৰতিযোগিতাৰ ২০ ফেব্ৰুৱাৰীত সফল সামৰণি পৰে । প্রতিযোগিতাত বতৰ বিজ্ঞান বিভাগৰ ছয়টা আঞ্চলিক কেন্দ্র ক্ৰমে, গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই, চেন্নাই, আৰু নাগপুৰৰ বিভিন্ন প্রতিযোগিয়ে ভাগ লোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান বিভাগ , বিজ্ঞান আৰু প্রযুক্তি বিভাগ, জৰীপ বিভাগ, বিজ্ঞান শিক্ষা আৰু গৱেষণা বিভাগ আৰু বৈজ্ঞানীক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ প্ৰায় ৫০০ জন প্ৰতিযোগীয়ে অংশগ্রহণ কৰে। প্রতিযোগিতাত গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ পৰা পুৰুষ আৰু মহিলা শাখাত মুঠ ৩০ জন প্রতিযোগিয়ে কেৰম, ভলীবল, টেবুল টেনিচ , ক্ৰিকেট আৰু বেডমিন্টনত অংশগ্রহণ কৰে । তাৰ ভিতৰত গুৱাহাটীৰ দলটোৱে ক্ৰিকেটৰ ফাইনেলত দিল্লীৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান কাৰ্যালয়ৰ দলটোক পৰাজিত কৰি শ্রেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে । টছত জিকি প্রথমে বেট ধৰিবলৈ সিদ্ধান্ত লোৱা গুৱাহাটীৰ দলটোৱে ১৮ অভাৰত ৮ উইকেট হেৰুৱাই ১৪০ ৰাণ কৰে। প্রত্যুত্তৰত দিল্লীৰ দলটোৱে ১৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰাণ কৰিবলৈহে সক্ষম হয় ।আনহাতে জয়লাভ কৰাৰ পাছত গুৱাহাটীৰ বিজয়ী দলটোক বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ মুৰব্বী কে এন মোহনে শুভেচ্ছা জ্ঞাপন কৰি এই বিষয়ত গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সমূহ বিষয়া,কৰ্মচাৰী আৰু বিজ্ঞানীয়ে গৌৰৱ বোধ কৰিছে বুলি সদৰি কৰিছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ