ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন

0 13

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত ৬ জানুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতাৰ ১০ জানুৱাৰীত সামৰণি পৰে। প্ৰতিযোগিতাখন একে সময়তে জজ খেলপথাৰ আৰু মালিগাঁওস্থিত ৰেলৱে ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। তাৰ ভিতৰত জজ খেলপথাৰত দিবা – নৈশ আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত ষ্টেডিয়ামত কেৱল দিনৰ ভাগত খেলসমূহ অনুষ্ঠিত কৰা হৈছিল । প্ৰতিযোগিতাত উত্তৰ পূৱ মণ্ডলকে ধৰি মুঠ ছয়টা মণ্ডলে ভাগ লৈছিল । আনহাতে ১০ জানুৱাৰীত জজ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলখনত পশ্চিম মণ্ডলে চুপাৰ অভাৰত বিজয়ী হয়। প্ৰথমে বেট ধৰি পশ্চিম মণ্ডলে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৫৪ ৰাণ কৰে। ইফালে তীব্ৰ উত্তেজনামূলক খেলখনত দক্ষিণ মণ্ডলেও নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫৪ ৰাণ কৰাত খেলখন অমীমাংসিত হিচাপে সামৰণি পৰে। ফলত চুপাৰ অভাৰৰ সহায় লোৱা হয়। চুপাৰ অভাৰত দক্ষিণ মণ্ডলে ৯ ৰাণ কৰাৰ বিপৰীতে পশ্চিম মণ্ডলে ১০ ৰাণ কৰে। আনহাতে প্ৰতিযোগিতাত মেন অৱ দ্যা ছিৰিজৰ সন্মান লাভ কৰে দক্ষিণ মণ্ডলৰ বিধুনে আৰু মেন অৱ দ্য মেটছৰ সন্মান লাভ কৰে পশ্চিম মণ্ডলৰ বিজয় সিঙে। শ্ৰেষ্ঠ বেটছমেনৰ সন্মান লাভ কৰে পূৱ মণ্ডলৰ সুনীত লংকাই। ইফালে মূল সামৰণি অনুষ্ঠানটো সন্ধিয়াৰ পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰ্মাণৰত অৱস্থাত থকা নতুন টাৰ্মিনেল ভৱনৰ সমীপত থকা হোটেল কিৰণশ্ৰীৰ সভাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত মূখ্য অতিথি হিচাপে ভাগ লৈ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম ৰাজা কিশোৰে বিজয়ী আৰু ৰানাৰ্চ আপ দলক বঁটা বিতৰণ কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নেচিম, উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সচিব দীপক পুণিয়া, এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ ( এ এ ই ইউ) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীপক কুমাৰ, উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সভাপতি বিজিত চৌধুৰী আৰু সম্পাদক পৱিত্ৰ দাস , গুৱাহাটী শাখাৰ সম্পাদক সুশীল লাল চৌধুৰীকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে । উল্লেখ্য যে প্ৰতিযোগিতাখনত ছয়টা মণ্ডলৰ ১০২ জন ক্ৰিকেটাৰ আৰু কৰ্মকৰ্তাই ভাগ লৈছিল।

Leave A Reply

Your email address will not be published.