কেন্দ্ৰীয় চৰকাৰৰ পথ-পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু পৰিবহণ বিভাগৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত “ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ” উপলক্ষে আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় আৰু জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ল “পথ-সুৰক্ষা” বিষয়ক ব্যতিক্ৰমী অনুষ্ঠান। পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে হাতে হাতে ৰং-তুলিকা লৈ মহানগৰীৰ অমৃত উদ্যানত ছবি অংকণ কৰিলে ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰছাত্ৰী, সন্তানৰ সমানে সমানে ওলাই আহি একাংশ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকে লিখিলে পথ-সুৰক্ষা বিষয়ক সৃষ্টিশীল শ্ল’গান। অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থিত হৈ জিলা আয়ুক্ত সুমিত সাত্তাৱানে প্ৰতিযোগীসকলক উৎসাহিত কৰাৰ লগতে শ্ল’গান প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকললৈ পথ-সুৰক্ষাৰ লগত জড়িত সামাজিক সংস্থা ’ট্ৰেক্স”এ আগবঢ়োৱা হেলমেট প্ৰদান কৰি অনাগত দিনত পথ-সুৰক্ষাৰ ক্ষেত্ৰত নিজস্ব প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰে। এই উপলক্ষে অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰি কয় যে ভাৰতত সম্প্ৰতি পথ-সুৰক্ষা এটা অতি উদ্বেগৰ বিষয় হৈ পৰিছে । কিয়নো পথ যোগাযোগৰ দ্ৰুত সম্প্ৰসাৰণ, যান-বাহনৰ সংখ্যা বৃদ্ধি আৰু পথত বাহনৰ অনিয়ন্ত্ৰিত গতিবেগৰ ফলত পথ-দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা অস্বাভাৱিকধৰণে বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ৪ লাখ ৫০ হাজাৰ পথ-দুৰ্ঘটনাত প্ৰায় ১ লাখ ৫০ হাজাৰ লোকে প্ৰাণ হেৰুৱাৰ তথ্য তেওঁ সদৰি কৰে। তদুপৰি এনে পথ-দুৰ্ঘটনাই মৃতকৰ পৰিয়াললৈ দুখৰ অমানিশা কঢ়িয়াই অনাৰ লগতে একে সময়তে পথ-দুৰ্ঘটনাত উৎপাদনশীল লোকৰ মৃত্যুৱে দেশৰ অৰ্থনৈতিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ছবিঅঁকা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি অতিৰিক্ত আয়ুক্ত (পৰিবহণ) অজিত কুমাৰ শৰ্মাই পথ-দুৰ্ঘটনাক বহু সময়ত মানৱসৃষ্ট দুৰ্যোগ বুলি অভিহিত কৰে । প্ৰাকৃতিক তথা যান্ত্ৰিক কাৰণত সংঘটিত পথ-দুৰ্ঘটনাৰ কোনো আগজাননী নাথাকিলেও পথ-দুৰ্ঘটনাৰ মানৱসৃষ্ট দূৰ্যোগ অনায়াসে দূৰ কৰিব পাৰি বুলি উল্লেখ কৰি সকলো শ্ৰেণীৰ লোককে পথৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ অতিৰিক্ত আয়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ অনুষ্ঠানত উপস্থিত থাকি কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য-সচিৱ অভিজীৎ চৌধুৰীয়ে সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষা আৰু পথ-দুৰ্ঘটনা ৰোধৰ বাবে সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে যোৱা ৩১ডিচেম্বৰ আৰু ১জানুৱাৰীত কামৰূপ মহানগৰীৰ দৰে এখন সুবৃহৎ জিলাত কোনো লোক পথ দুৰ্ঘটনাত নিহত হ’বলগীয়া নোহোৱাটো ৰাইজৰ সজাগতাই একমাত্ৰ কাৰণ বুলি মন্তব্য কৰি মাঘবিহুৰ আনন্দময় সময়চোৱাতো সজাগ-সুৰক্ষিত হৈ থকাৰ আহ্বান জনায় ৷ জ্যেষ্ঠ যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাস আৰু পূৰ্ণিমা তাছাৰ তত্বাৱধানত অনুষ্ঠিত আজিৰ ব্যতিক্ৰমী অনুষ্ঠানৰ মাজতে হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ মুখ্য সমন্বয়ক জয়ন্ত কুমাৰ দাসৰ পৰিচালনাত তাৎক্ষণিকভাৱে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা হয়। বিশিষ্ট চিত্ৰশিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ নেতৃত্বত টুনা শৰ্মা আৰু বন্দিতা খাখলাৰি বিচাৰক হিচাপে উপস্থিত থকা ছবিঅঁকা প্ৰতিযোগিতাৰ অন্তত ফলাফলসমূহ ঘোষণা কৰা হয়।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem