মইনা‌ নায়কক ১৩,৩৩,০৩৪টকা ক্ষতিপূৰণ দিবলৈ শ্ৰম বিভাগৰ নিৰ্দেশ

0 453

মইনা নায়ক এতিয়া জিএমচিএইচত জীৱন মৃত্যু ৰ সৈতে যুঁজ দি আছে । সোমবাৰে লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক দুৰ্ভাগ্যক্ৰমে বাগিচাখনৰ কল ঘৰৰ চিটিচি মেচিনত লাগি গুৰুতৰভাৱে আহত হয়।

তাৰপাছতে যুৱতীগৰাকীক লৈ অহা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। ইফালে, সহকাৰী শ্ৰম আয়ুক্ত পি পি বাষ্টোলাই লেপেটকটা চাহ বাগিচাক মইনা নায়কক অতি শীঘ্ৰে ১৩,৩৩,০৩৪ টকা ক্ষতিপূৰণ হিচাপে দিবলৈ নিৰ্দেশ দিছে।
ইতিমধ্যে যুৱতীগৰাকীৰ আশু আৰোগ্যৰ কামনাৰে বিভিন্নজনে প্ৰাৰ্থনা কৰিছে।

Leave A Reply

Your email address will not be published.