মণিপুৰত দুখীয়া ছাত্ৰ ছাত্ৰীক সকাহ যোগাইছে এগৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে

0 248

ক’ভিড১৯ৰ এই বিপদজ্জনক সময়ছোৱাত মণিপুৰৰ দুখীয়া শিক্ষাৰ্থী সকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছে এগৰাকী তৃতীয় লিংগৰ ব্যক্তিয়ে। শান্তা খুৰা নামৰ এই ব্যক্তিগৰাকীয়ে বিশেষ একো কৰিব নোৱাৰিলেও নিজৰ স্মাৰ্টফোনটোকে দুখীয়া শিক্ষাৰ্থীৰ বাবে উচৰ্গা কৰিছে।
 
 
উল্লেখযোগ্য যে লকডাউনৰ বাবে বিদ্যালয়, মহাবিদ্যালয় সমূহ বন্ধ আছে আৰু পাঠদান অনলাইন যোগে উপলব্ধ হৈছে। কিন্তু দুখীয়া ঘৰৰ শিক্ষাৰ্থীয়ে স্মাৰ্টফোনৰ অভাৱত পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈছে। এই সম্পৰ্কত খুৰাই কয় যে যিসকল শিক্ষাৰ্থীৰ স্মাৰ্টফোন নাই সেইসকল শিক্ষাৰ্থীৰ বাবে  নিজৰ স্মাৰ্টফোনটো ব্যৱহাৰৰ বাবে প্ৰদান কৰিছো। উল্লেখযোগ্য যে খুৰাই ৪৪গৰাকী ব্যক্তিৰ পৰা ১.৫০লাখ টকা সংগ্ৰহ কৰিছে,যি অৰ্থ দুখীয়াৰ মাজত বিতৰণ কৰিব ।

Leave A Reply

Your email address will not be published.