এটা আপোন ঘৰ গঢ়াৰ সপোন সকলোৰে থাকে। কেতিয়াবা আৰ্থিক অনাটন বা অন্য কোনো কাৰণত সেয়া সম্ভৱ হৈ নহয় । তেনে এজন ব্যক্তি হ’ল গোলাঘাটৰ আঠগাঁও মণ্ডলৰ নিবাসী তিলেশ্বৰ শইকীয়া। সমাজ সেৱাকেই জীৱনৰ ব্ৰত হিচাপে লোৱা শইকীয়া আছিল এজন স্বয়ং সেৱক। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত শইকীয়া জীৱনৰ এছোৱা কাল ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সভাপতি আছিল। ব্যক্তিগত সা-সুবিধাৰ প্ৰতি উদাসীন শইকীয়াৰ ঘৰত এদিন উপস্থিত হৈছিল ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। শইকীয়াৰ জৰাজীৰ্ন ঘৰ দেখি বিষ্ময় আৰু দুখত হতবাক হৈ পৰিল তেতিয়াৰ বিধায়িকা তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী নেওগ। শইকীয়াক প্ৰতিশ্ৰুতি দিলে চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে গৃহ নিৰ্মাণ কৰি দিব ভাৰতীয় জনতা পাৰ্টিৰ অতি নিষ্ঠাবান কাৰ্যকর্তা তিলেশ্বৰ শইকীয়াক। কথা দিলে কথা ৰখা স্থানীয় বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰীৰ একক প্ৰচেষ্টাত চলিত মাহত সম্পূৰ্ণ হ’ল তিলেশ্বৰ শইকীয়াৰ অসম আৰ্হিৰ গৃহ। আৰু ১৫ আগষ্টৰ দিনাই দুপৰীয়া ফিটা কাটি তিলেশ্বৰ শইকীয়াৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভনি কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। নেওগৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজৰ লগতে শইকীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ