মন্ত্ৰী অশোক সিংহল,যোগেন মহনৰ লগতে কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

0 66

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত আজি জনতা ভৱনত অসম নগৰ আৰু গাঁও পৰিকল্পনা উপদেষ্টা পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ৰাজ্যৰ ১১ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয়৷ এই চহৰসমূহ হৈছে ডবকা, লংকা, লামডিং, হোজাই, ৰামকৃষ্ণ নগৰ, কৰিমগঞ্জ, সোণাই, লালা, হাইলাকান্দি, মৰাণ আৰু বিলাসীপাৰা৷ বৈঠকত বিধায়কসকল ক্ৰমে ৰামকৃষ্ণ ঘোষ, আব্দুল এছ আলি সৰকাৰ, কমলাক্ষ পুৰকায়স্থ আৰু শিবু মিশ্ৰৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহত পৰ্যাপ্ত পৰিমাণে মুকলি স্থান, উদ্যান আৰু নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা ধাৰ্য কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে মাষ্টাৰপ্লেন এলেকাৰ জলাশয়সমূহৰ জিঅ’ টেগিং কৰা, আৱৰ্জনা নিষ্কাশন প্ৰকল্পসমূহ জলাশয় বা পাৰিৱেশিকভাৱে স্পৰ্শকাতৰ এলেকাৰ সমীপৰ পৰা আঁতৰত স্থাপন কৰা, নিৰ্মাণ বৰ্হিভূত এলেকাৰ সংজ্ঞাৰ সংশোধন কৰি দ অঞ্চলত মাটি পেলোৱা কাৰ্যও নিষিদ্ধ কৰা আদি গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। আনহাতে নগৰ অঞ্চলত যিকোনো নতুন আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত পানীৰ স্বাভাৱিক গতি বাধাগ্ৰস্ত নোহোৱাটো নিশ্চিত কৰিবৰ বাবে যাৱতীয় অনুমতি লোৱাৰ বাবে জিলা আয়ুক্তৰ নেতৃত্বত আজিৰ বৈঠকে এক জিলাস্তৰীয় সমিতি গঠন কৰি দিয়ে। এই সমিতিত লোক নিৰ্মাণ (পথ), লোক নিৰ্মাণ (ভৱন), জলসম্পদ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলাৰ শীৰ্ষ বিষয়াসকল তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্যা হিচাপে থাকিব। সংশ্লিষ্ট জিলাৰ নগৰ আৰু গাঁও পৰিকল্পনাৰ উপ-সঞ্চালকগৰাকী সদস্য-সচিব হিচাপে থাকিবলগীয়া এই সমিতিয়ে যিকোনো বৃহ আন্তঃগাঁথনিৰ বাবে অনুমতি প্ৰদানৰ সময়ত স্থানীয় বিধায়ককো বিশেষ সদস্য হিচাপে আমন্ত্ৰণ জনাব লাগিব। আনহাতে চহৰাঞ্চলত যিকোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন বাধ্যতামূলকভাৱে অনুসৰণ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ বিভাগসমূহক লৈ কৰ্মশালা বা আলোচনা চক্ৰৰ আয়োজন কৰিবলৈও আজিৰ বৈঠকত মন্ত্ৰী সিংহলে নিৰ্দেশ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.