ম’বাইল মেডিকেল সেৱা প্ৰদান কৰিছে বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ে

0 278

ক’ভিড১৯ৰ পৰিপ্ৰেক্ষিতত বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ে ম’বাইল মেডিকেল কেম্পৰ মাধ্যমেৰে নুমলীগড় শোধনাগাৰৰ নিকটৱৰ্তী অঞ্চল তথা গোলাঘাট জিলাৰ ভিতৰুৱা গাওসমূহৰ আৰ্ত ৰোগীসকললৈ চিকিৎসা সেৱা আগবঢ়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

লকডাউনৰ শিথিলতাৰ পিছত যোৱা ২৭এপ্ৰিলৰ পৰা চিকিৎসালয়খনৰ দুয়োটা এম এম চি কেন্দ্ৰই সামাজিক দুৰত্ব বজাই ৰাখি সঘনাই চেনিটাইজেছন কৰা, মুখত মাস্ক পৰিধান কৰা আৰু পি পি ই কীট পৰিধানেৰে সকলো চৰকাৰী নীতি নিৰ্দেশ মানি চলি  ম’বাইল মেডিকেল কেম্প সেৱাৰ পুনৰ আৰম্ভণি কৰিছে। ইয়াৰে এটা এম এম চি কেন্দ্ৰই যদি ওচৰৰ কোনোবা গাৱত যদি সেৱা আগবঢ়াইছে তেন্তে আন এটা কেন্দ্ৰই নুমলীগড় মাকেটিং টাৰ্মিনেলত অৱস্থান কৰা ট্ৰাক ড্ৰাইভাৰ আৰু অন্যান্য ব্যক্তিৰ ক’ভিড পৰীক্ষণ কৰে।

উভয় কেন্দ্ৰই বৃহৎ সংখ্যক লোকৰ সমাগম ৰোধ কৰাৰ বাবে দৈনিক ৪০জনকৈ লোকক স্বাস্থ্য পৰীক্ষালৈ সীমিত কৰিছে। পংকা, বিষ্ণুপুৰ, সেউজপুৰ, ৰঙবঙ১, ৰঙবঙ৪, বৰমহৰিপথাৰ, ৰাংঢালী আৰু পাৰঘাট১ ত বৰ্তমানলৈকে চিকিৎসা সেৱা আগবঢ়াইছে। ক’ভিড১৯ৰ অন্যান্য লক্ষণসমূহে দেখা দিয়া ৰোগীক চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ম’বাইল মেডিকেল কেম্প হৈছে ভি কে এন আৰ এল চিকিৎসালয় আৰু এন আৰ এল ৰ সহযোগত ১৯৯৮চনত গ্ৰহণ কৰা এক সেৱাৰ ব্যৱস্থা। আৰম্ভণিতে এই সেৱা এজন চিকিৎসক, এগৰাকী নাৰ্চ আৰু এগৰাকী নাৰ্চিং সহায়কাৰীৰে গঠিত এক ক্ষুদ্ৰ গোটেৰে আৰম্ভ হৈছিল। তেওঁলোকে ওচৰৰ গাওঁসমূহত গৈ স্বাস্থ্য পৰীক্ষাৰ ভিত্তিত বিনামূলীয়া ঔষধ তথা চিকিৎসা সেৱা প্ৰদান কৰিছিল।

বছৰ বাগৰাৰ লগে লগে এম এম ডি সমূহে গড় হিচাপত শোধনাগাৰৰ পৰা ১০কিলোমিটাৰ অঞ্চল ব্যাপ্ত ৬টা কেম্পৰ হিচাপত প্ৰত্যেক সপ্তাহত কমেও ৬০খন গাঁও আৰু বছৰি ৫০০০০জন ৰোগীলৈ সেৱা আগবঢ়াই আহিছে। এই কেম্পসমূহ তেজৰ প্ৰয়োজনীয় পৰীক্ষা সমূহ যেনে হিম’গ্লবিন, ব্লাড চুগাৰ, ব্লাড ড্ৰপিং ইত্যাদি পৰীক্ষা কৰিব পৰা সুবিধাৰে সমৃদ্ধ।

এই কেন্দ্ৰসমূহে প্ৰাথমিক চিকিৎসাৰ উপৰিও সংক্ৰমনীয় আৰু অসংক্ৰমনীয় ৰোগৰ ওপৰত আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা তথা সুস্বাস্থ্য পূৰ্বস্বত্ব বজাই ৰাখিবলৈ প্ৰয়োজনীয় কেতবোৰ সজাগতামূলক কাৰ্যসূচীৰ সময়ে সময়ে আহ্বান কৰি আহিছে। দৈনিক ৰোগীৰ উপৰিও এম এম চি সমূহে উচ্চ ৰক্তচাপ, থাইৰয়ড, ডায়েবেটিছ, মৃগী ৰোগ আদিত, ভোগা ৰোগীসমূহলৈ নিয়মীয়াকৈ ঔষধৰ যোগান ধৰি আহিছে।

২০১৭চনৰ পৰা এম এম চি সমূহে গাওৰ মহিলাসকলৰ মাজত স্তন আৰু ডিঙিৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰি আহিছে। ইয়াৰ উপৰিও থলুৱা জনসাধাৰণ, আৰক্ষী কনিষ্টবল, চি আই এচ এফ জোৱান, বনকৰ্মী আৰু শিক্ষক সকলোৰে বাবে নিকটৱৰ্তী বিদ্যালয় মহাবিদ্যালয়ত নিয়মীয়াকৈ ফাৰ্ষ্ট এড ট্ৰেইনিং কাৰ্যসূচীৰ আয়োজন কৰে। বিশেষকৈ বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বেচৰকাৰী সংস্থাসমূহৰ অনুৰোধত পুৰ্বনিৰ্দ্ধাৰিত অঞ্চলৰ বাহিৰতো কেম্প পাতি চিকিৎসা সেৱা আগবঢ়ায়। বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়খন ১৯ছেপ্তেম্বৰ ১৯৯৭চনত নুমলীগড় শোধনাগাৰ আৰু বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰীৰ মাজত স্বাক্ষৰিত চুক্তি অনুযায়ী গঠিত হয়। এই কেম্পে এতিয়ালৈ মানৱ কল্যাণৰ হকে কাম কৰি গৈছে।

Leave A Reply

Your email address will not be published.