মহানগৰীত আজিৰে পৰা আৰম্ভ হ’ল পুনৰ লকডাউন

0 229

ক’ৰণা মহামাৰীৰ গণ সংক্ৰমণৰ পৰা মহানগৰীক সুৰক্ষা দিবলৈ প্ৰথম পৰ্যায়ত ১৪দিনৰ লকডাউন দিয়াৰ পিছতে আজিৰে পৰা পুনৰ গুৱাহাটী মহানগৰীত  দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ লকডাউন মহানগৰীত সম্পূৰ্ণ এসপ্তাহৰ বাবে বাহাল থাকিব।
 
 
 
দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত পূৰ্বতকৈ কেতবোৰ শিথিলতা প্ৰদান কৰিছে চৰকাৰে।
মহানগৰীত পূৰ্বৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপনীসমূহ খোলা থাকিব। সমান্তৰালভাৱে খুলিব পাৰিব নিৰ্দিষ্ট কিছুমান অকলশৰীয়াকৈ থকা গেলামালৰ দোকানসমূহ। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯বজাৰ পৰা সন্ধিয়া ৬বজালৈ দোকান সমূহ খোলা থাকিব।

Leave A Reply

Your email address will not be published.