মহানগৰীত লকডাউনৰ সময়ছোৱাত পৰিবহন বিভাগৰ পিক আপ পইণ্ট ক’ত ক’ত হ’ব

0 277

লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মেট্রোপলিটন জিলাৰ এ এছ টি ছিৰ বাছ সেৱা সমূহ চহৰৰ বিভিন্ন পিক আপ্ পইন্টৰ পৰা বিমানবন্দৰ তথা ৰেল ষ্টেচনলৈ ব্যৱস্থা কৰা হৈছে। নিম্নলিখিত আৰক্ষী থানা আৰু আৰক্ষী চকীবোৰ পিক আপ্ পইন্ট হিচাপে চিহ্নিত কৰা হৈছে।
১.দিছপুৰ আৰক্ষী থানা
২. নুনমাটি আৰক্ষী থানা
৩.পাণবজাৰ আৰক্ষী থানা
৪.লতাশিল আৰক্ষী থানা
৫. পল্টন বজাৰ আৰক্ষী থানা
৬.ভৰলুমুখ আৰক্ষী থানা
৭.গীতানগৰ আৰক্ষী থানা
৮.জালুকবাৰী আৰক্ষী থানা
৯.বশিষ্ঠ আৰক্ষী থানা
১০. ফটাশিল আমবাৰী আৰক্ষী থানা
১১.হাতীগাঁও আৰক্ষী থানা
১২.গড়চুক আৰক্ষী থানা
১৩. ভঙাগড় আৰক্ষী থানা
১৪. সাতগাঁও আৰক্ষী থানা
১৫.চান্দমাৰী আৰক্ষী থানা
১৬. ফাঁচী বজাৰ আৰক্ষী চকী
১৭. মালিগাঁও আৰক্ষী চকী
১৮. উদালবাকৰা আৰক্ষী চকী
১৯. বিৰুবাৰী আৰক্ষী চকী
২০. যোৰাবাট আৰক্ষী চকী
২১. ISBT আৰক্ষী চকী
২২. পানীখাইতি আৰক্ষী চকী
এই বাছসমূহ ওপৰত উল্লেখিত স্থানৰ পৰা ৰাতিপুৱা ৫ বজাত, ৭বজাত, ৯ বজাত, ১১ বজাত, ১ বজাত, ৩ বজাত, ৫বজাত আৰু সন্ধিয়া ৭ বজালৈ চলাচল কৰিব ।
গুৱাহাটীৰ যিকোনো বাসিন্দাই যদি আকাশমাৰ্গেৰে তথা ৰেল সেৱাৰে যাত্ৰা কৰিব বিচাৰে তেন্তে বিমানবন্দৰলৈ আৰু ৰেল ষ্টেচনলৈ যাবৰ বাবে  http://assamtransportrelief.in/ পঞ্জীয়ন কৰিব লাগিব।
অথবা নিম্নলিখিত হোৱাটচ্আপ(Whatsapp) নম্বৰৰ জৰিয়তে পঞ্জীয়নৰ সম্বন্ধে যোগাযোগ কৰিব পাৰে –
6026900637
6026900969
6026900638
6026900970
6026900639
6026900971
6026900966
6026900972
6026900967
6026900973
6026900968
6026900976
এই হেল্পলাইন সেৱাসমূহ দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব। পঞ্জীয়ন সমূহ যিকোনো যাত্ৰাৰ ২৪ ঘন্টা আগতীয়াকৈ কৰাটো অনিবার্য লগতে সম্পূর্ণ তথ্য তথা যেনে যাত্ৰীগৰাকীৰ সম্পূর্ণ নাম, মোবাইল নম্বৰ, পিক আপ পইন্টৰ নাম, ফ্লাইট/ৰেল নম্বৰ, ফ্লাইট আৰু ৰেলৰ এৰা সময় আৰু তাৰিখ, পি এন আৰ কোড নম্বৰ যোগান ধৰিব লাগিব। যাত্ৰীসকলে অসম ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ সেৱা গ্ৰহণৰ আগমূহুৰ্তত ৰেল আৰু ফ্লাইটৰ টিকট দেখুৱাব লাগিব।
 
যিসকল বাসিন্দাই ব্যক্তিগত আৰু ভাড়াতীয় গাড়ী বিমানবন্দৰ আৰু ৰেল ষ্টেচনলৈ পিকআপ্ আৰু ড্ৰপৰ বাবে ব্যবহাৰ কৰিব বিচাৰে তেওঁলোকে পঞ্জীয়ন  কৰিব নালাগে। কিন্তু, গাড়ীৰ ড্ৰাইভাৰে পিক আপ্ বা ড্ৰপ কৰোতে লগত যাত্রীৰ ফ্লাইট বা ৰেলৰ টিকট লগত ৰখাটো বাধ্যতামূলক ।

Leave A Reply

Your email address will not be published.