মহানগৰীত ১০টা অনলাইন প্ৰতিষ্ঠানে পাচলি যোগান ধৰিব

0 282

সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰণাই ক্ষিপ্ৰ গতিত তাণ্ডৱ চলাই থকাৰ সময়তে মহানগৰবাসীক সকাহ দিবলৈ প্ৰস্তুত হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও অনলাইন প্ৰতিষ্ঠানে। ইতিমধ্যে ৰাজ্যৰ খাদ্য তথা যোগান বিভাগে মহানগৰীৰ বাসিন্দাসকলৰ বাবে ৯০টা বিভিন্ন স্থানত ৰাতিপুৱা ৯বজাৰ পৰা ২বজালৈ শাক পাচলি যোগানৰ বাবে নিৰ্দেশনা দিছিল। 
 
ক’ৰণা ভাইৰাছৰ বাবে ৰাজ্যত চলি থকা প্ৰবল লকডাউনৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ১০টাকৈ অনলাইন প্ৰতিষ্ঠানে। এই প্ৰতিষ্ঠানকেইটাৰ জৰিয়তে মহানগৰবাসীয়ে শাক পাচলি ক্ৰয় কৰিব পাৰিব। প্ৰতিষ্ঠানকেইটাই ইতিমধ্যে তেওঁলোকৰ মোবাইল নং সমূহো ৰাজহুৱা কৰিছে।
 
উক্ত প্ৰতিষ্ঠানকেইটা হৈছে :
ছ’চিয়েল এণ্টাৰপ্ৰাইজ এক্সপাৰ্টছ গ্ৰুপ(সেউজী কাৰ্ট) যোগাযোগ নং -৯০৮৫৩৩৩৩৫১
তাজা চব্জী এপ, যোগাযোগ নং ৮০১১০৭২৬৯০
চমুৱা ইং, যোগাযোগ নং ৭০০২০৩১৭১২
ফ্ৰেছ ডো এপ, যোগাযোগ নং ৯৮৬৪২১৮১৮৯
পৃথ্বী এগ্ৰ ফ্ৰেছ। যোগাযোগ নং ৯৮৭০২৮৩৫০৬
নয়ন প্ৰতিম কুমাৰ। যোগাযোগ নং ৮৮১১০১১৯৪৪/৯৯৫৪৭৫১৮১৫
এক্সিমছ প্ৰাইভেট লিমিটেড(লোকেল ফাৰ্ম) যোগাযোগ নং ৯১০১৪৭৩৯২৮/৬৯০০৫২৩৯৯৮
নেৰামেক(এন ই ফ্ৰেছ) যোগাযোগ নং ৮৬৩৮৯৯৫০৫৫
টেম্পটেচন(অনিশ তুলসীয়ান)
যোগাযোগ নং ৭০৮৬২৪০২৬২ 
এ চি ই গ্ৰুপ অৱ ইনষ্টিটিউচন।
এই অনলাইন প্ৰতিষ্ঠানকেইটাত যোগাযোগ কৰিলে মহানগৰবাসীয়ে নিত্য ব্যৱহাৰ্য শাক পাচলিবোৰ ক্ৰয় কৰিব পাৰিব।
 
 
 
 
 
 
 

Leave A Reply

Your email address will not be published.