মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আত্মসহায়ক গোটে

0 275

বৰ্তমান সমগ্ৰ বিশ্ব ক’ৰণা ভাইৰাছৰ কৰাল গ্ৰাসত।কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ সকলোৱে এতিয়া মুখত মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে।অনুৰূপ ধৰণে অসমৰ সৰ্বত্ৰে জনতাই মাস্কৰ ব্যৱহাৰ কৰা দেখা পোৱা গৈছে।যি হাৰত জনতাই মাস্ক ব্যৱহাৰ কৰিবলৈ লৈছে সেই হাৰত মাস্ক দেশৰ এই লক ডাউনৰ সময়ত উৎপাদন কৰাত ব্যৰ্থ হৈছে মাস্ক উৎপাদনকাৰী কাৰখানা সূমহ।
 
সেইবাবে অসম চৰকাৰে স্থানীয় আত্মসহায়ক গোট সমূহক এই ক্ষেত্ৰত হস্তনিৰ্মিত মাস্ক নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছিল। তেনে এক দায়িত্ব লৈ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনত খণ্ড প্ৰকল্প বিষয়া টুণটুণি বৰাৰ নেতৃত্বত তৃণয়না মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ ২২ টা আত্ম সহায়ক গোটৰ ৪০ গৰাকী সদস্যাই মাত্ৰ চাৰিটা দিনত তৈয়াৰ কৰি উলিয়ালে ৫০০০ খন মাস্ক।
 
উল্লেখযোগ্য যে এই মাস্কসমূহ তৈয়াৰ কৰাৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিকভাৱে চেনিটাৰাইজ কৰি ৰ’দত শুকুৱাই কাগজেৰে মেৰিয়াই উৰ্ধতম মহলক অৰ্পণ কৰিবলৈ সাজু কৰি তুলিছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.