মহানগৰীৰ ৭টাকৈ ৱাৰ্ডত নতুনকৈ হ’ব সম্পূৰ্ণ লকডাউন

0 282

ক’ভিড১৯ৰ সংক্ৰমণৰ প্ৰকোপ দৈনিক গুৱাহাটী মহানগৰীত বৃদ্ধি হৈ গৈ আছে। সমগ্ৰ মহানগৰবাসী ভয়ংকৰ সামাজিক সংক্ৰমণৰ সন্মুখীন হোৱা বুলি ধাৰণা কৰা হৈছে। এই সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ উদ্দেশ্যে মঙলবাৰৰ সন্ধিয়াৰ পৰা মহানগৰীৰ কেবাটাও ৱাৰ্ডত লকডাউনৰ ঘোষণা কৰা হৈছে।এই ৱাৰ্ডসমূহত সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব সম্পূৰ্ণ লকডাউন। সমগ্ৰ গুৱাহাটী মহানগৰীৰ সৰ্বমুঠ ৭টা ৱাৰ্ডত আগন্তুক ৭দিনৰ বাবে লকডাউন ঘোষণা কৰিছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা বৈঠকত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰে এক নতুন সিদ্ধান্ত। আগন্তুক ৭দিনৰ পিছৰ পৰৱৰ্তী সময়ত সমগ্ৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি আগন্তুক ১৪ দিনৰ বাবে পুনৰ সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিব পাৰে। মহানগৰীত পুনৰ লকডাউন ঘোষণা হ’বলগীয়া ৱাৰ্ড কেইটা হৈছে ২নং, ৩ নং, ৪নং, ৫নং, ১০নং, ১৫ নং আৰু ১৬ নং ৱাৰ্ড। এই সমগ্ৰ বিষয় সন্দৰ্ভত ২৩তাৰিখ অৰ্থাৎ আজি কামৰূপ মহানগৰ প্ৰশাসনে সবিশেষ ঘোষণা কৰিব। ইতিমধ্যে পুনৰ লকডাউন প্ৰক্ৰিয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে সাজু হৈ উঠিছে।পূৰ্বৰ সকলো নীতি নিয়ম মানি ঘৰৰ পৰা ওলোৱাত বাধা থাকিব।

Leave A Reply

Your email address will not be published.