আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নগাও চৌহদত এক অভিনৱ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়।কিছুদিন পূৰ্ৱে বিশ্ববিদ্যালয়খনত এটি লাইটনিং ডিটেক্টৰ (বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ)স্থাপনৰ জৰিয়তে অঞ্চলটোৰ বতৰ নিৰীক্ষণ আৰু বায়ুমণ্ডল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল ,তাৰ সামগ্ৰিক দিশৰ আলোচনাৰ হেতু এই বক্তৃতানুষ্ঠান আয়োজন কৰা হয় । ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ উত্তৰ-পূৱ মহাকাশ প্ৰয়োগিক কেন্দ্ৰ (এন ই এছ এ চি)ৰ দ্বাৰা প্ৰদান কৰা এই অত্যাধুনিক সঁজুলিয়ে অঞ্চলটোত বজ্ৰপাতৰ কাৰ্যকলাপসমূহক বাস্তৱিক সময়ত নিৰীক্ষণ কৰিবলৈ সক্ষম হ’ব।এই উল্লেখযোগ্য পদক্ষেপ লোৱাৰ ক্ষেত্ৰত নেতৃত্ব দিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা, যুটীয়া পঞ্জীয়ক ড° নয়নমণি শইকীয়া আৰু উপ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে । এই উপলক্ষে আজি বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত তথা আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ সহযোগত বিশ্ববিদ্যালয়খনৰ কনফাৰেন্স হলত “বিজুলী পদাৰ্থ বিজ্ঞান আৰু পৰ্যবেক্ষণ কৌশল” বিষয়ক এক বিশেষ আমন্ত্ৰিত বক্তৃতাৰ আয়োজন কৰা হয় । আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰে উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ প্ৰখ্যাত বিজ্ঞানী ড° অভয় শ্ৰীবাস্তৱে । ড° শ্ৰীবাস্তৱৰ অন্তৰ্দৃষ্টিসম্পন্ন উপস্থাপনে বিজুলীৰ জটিল পৰিঘটনা, ইয়াৰ গঠন আৰু ইয়াৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা উন্নত কৌশলৰ ওপৰত আলোকপাত কৰে । বক্তৃতা অনুষ্ঠানটোত পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখা আৰু পষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন ৰিমট চেনছিং এণ্ড জিআইএছৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভাগটোৰ অধ্যাপকসকল ক্ৰমে ড° কমল কুমাৰ তাঁতী, প্ৰাঞ্জল শৰ্মা, ৰূপজ্যোতি নাথৰ লগতে অধ্যাপক-অধ্যাপিকাসকলো উপস্থিত থাকে।এই লাইটনিং ডিটেক্টৰ স্থাপনৰ ফলত বতৰ বিজ্ঞান, কৃষি, দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে । বিজুলীৰ সংঘটনৰ সঠিক আৰু সময়োপযোগী তথ্য প্ৰদান কৰি এই ডিটেক্টৰটোৱে বিজুলীৰ আঘাতৰ লগত জড়িত বিপদসমূহ কম কৰাত সহায় কৰিব আৰু বতৰৰ পূৰ্বাভাস উন্নত কৰিব । এই পদক্ষেপে উত্তৰ-পূৱ মহাকাশ প্ৰায়োগিক কেন্দ্ৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক গৱেষণাক আগুৱাই নিয়াৰ লগতে অঞ্চলটোত প্ৰযুক্তিগত উন্নতিৰ প্ৰসাৰত সহযোগিতামূলক প্ৰচেষ্টাক আগবঢ়াই নিব বুলি আশা কৰা হৈছে ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ