ম’হৰ পৰা পৰিত্ৰাণ পাব পৰা বাল্ব উদ্ভাৱন কৰি চৰ্চিত হৈছে এই গৰাকী যুৱ উদ্যমী

0 256

সৰুৱে পৰা ল’ৰাজন আছিল এক অদ্ভুত চখ।দেউতাকে আনি দিয়া সামগ্ৰী খুলি খালি নতুনকৈ লগাইছিল।সেই চখেই ডাঙৰ হ’লত পূৰ্ণতা পালে।


পঢ়ি থকা সময়তে ল’ৰাজনে নিজকে উদ্যমী হিচাপে গঢ়ি তুলিলে। কেৱল উদ্ভাৱনতে ব্যস্ত নাথাকি নিজে প্ৰস্তুত কৰা সা-সামগ্ৰী কিদৰে বজাৰমুখী কৰিব পাৰি তাৰ পথো নিজেই বিচাৰি ল’লে।
আমি জনাব বিচাৰিছোঁ হোজাই মোৰাঝাৰৰ ইলিয়াছ উদ্দিন চৌধুৰীৰ বিষয়ে। ইলিয়াছে সম্প্ৰতি ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত বি কমত অধ্যয়ন কৰি আছে।ইলিয়াছে যিটো বাল্ব উদ্ভাৱন কৰিছে,সেই বাল্বৰ পোহৰৰ জৰিয়তে ম’হৰ পৰা পৰিত্ৰাণ পাব পাৰি।
লকডাউনৰ সময়খিনিত চৌধুৰী লাইট শীৰ্ষ এটা উদ্যোগ প্ৰতিষ্ঠা কৰি বহুকেইজন নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।সৰুৱে পৰা উদ্যোগী হোৱা মন মেলা ইলিয়াছৰ মতে বেলেগৰ অধীন হৈ কাম কৰাতকৈ স্বাধীন ভাৱে কাম কৰা আমেজেই সুকীয়া।উল্লেখযোগ্য যে ইলিয়াছৰ পিতৃ এগৰাকী আৰক্ষী বিষয়া।
উল্লেখযোগ্য যে ইতিপূৰ্বে ইলিয়াছে এটা প্ৰজেক্টৰ প্ৰস্তুত কৰিছিল।ইলিয়াছৰ এই যাত্ৰা যুগমীয়া হওক, আমি জনালো অলেখ শুভকামনা।
সহযোগ কৰিলে ছাদিকুজ জামানে..

Leave A Reply

Your email address will not be published.