মাক্ৰ বন্দনা সপ্তাহৰ সফল সামৰণি

0 249

আজি কামৰূপ জিলাৰ জিলা সমাজ কল্যান বিভাগৰ অধীনত ১ ছেপ্টেম্বৰ পৰা ৭ ছেপ্টেম্বৰলৈ উদযাপিত হৈ যোৱা মাক্ৰ বন্দনা সপ্তাহৰ সামৰণি অনুষ্ঠান বেলতলাস্থিত অসম ৰাজ্যিক সমাজ কল্যান পৰিষদৰ সভাগৃহত অনুষ্ঠিত হৈ যায়।লগতে ১ ছেপ্টেম্বৰ পৰা ৩০ ছেপ্টেম্বৰলৈ উদযাপিত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি এলানি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ সমাজ কল্যান বিভাগৰ সঞ্চালক বিভাষ মোডী উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে।
মাক্ৰ বন্দনা সপ্তাহ,২০২১ৰ সামৰণি উপলক্ষে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত সৰ্বোত্তম কৰ্মৰাজিৰ বাবে বাছনি কৰি উলিওৱা অংগনবাডী কৰ্মী/সহায়িকা,মুখ্য সেৱিকা,সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কৰ্মচাৰীক প্ৰশংসা পত্ৰ আৰু ম’মেণ্ট প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত ভাষণ দি অসম সমাজ কল্যান বিভাগৰ সঞ্চালকে কামৰূপ মহানগৰ জিলা অধীনত মাক্ৰ বন্দনা সপ্তাহ আৰু ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীৰ প্ৰশংসা কৰাৰ লগতে কামৰূপ মহানগৰ জিলাত অহা জানুৱাৰী,২০২২ ৰ ভিতৰত পুষ্টিহীনতা দূৰীকৰণৰ সংকল্প লোৱাৰ কথা ব্যক্ত কৰে।
উক্ত অনুষ্ঠানত একেলগে ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন লগত সংগতি ৰাখি গুৱাহাটী শিশু উন্নয়ন প্ৰকল্প প্ৰচেষ্টাত অংগনবাডী কৰ্মীয়ে নিজে প্ৰস্তুত কৰি উলিওৱা নিউট্ৰিমিক্স’ আৰু পৌষ্টিক লাডু দুবিধ খাদ্যৰ সম্ভাৰ লগতে প্ৰস্তুত প্ৰণালীৰ আনুষ্ঠানিক মুকলি তথা প্ৰদৰ্শন কৰা হয়।আনহাতে মিছ হিম’গ্লৱিন শীৰ্ষক কিশোৰীৰ মাজত এক প্ৰতিযোগিতা আয়োজন কৰা হয়।স্বাস্থ্য বিভাগ ,কামৰূপ মহানগৰ বিষয়াৰ এটি দলে কিশোৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি সৰ্বাধিক হিমগ্লৱিন থকা দুগৰাকী কিশোৰীক মিছ হিমগ্লৱিন আৰু প্ৰথম ৰাণাৰ আপৰ খিতাপেৰে সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত কেপিটেল তিচপেঞ্চেৰীৰ পৰা অহা ড° তৃষা মেধিয়ে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা আৰু লগতে এনিমিয়ামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৰে প্ৰচেষ্টা বাবে আহ্বান জনায়।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি ,সমাজ কল্যান বিভাগ,অসমৰ উপ সঞ্চালিকা ,চামছেৰা হাজৰিকা,কামৰূপৰ মাণ্ডলিক বিষয়া, জ্যোতিৰেখা বৰগোঁহাই, ইউনিচেফ অসমৰ এম আই এছ ৰ পৰামৰ্শদাতা নৰেন্দ্ৰ পাল কৌৰ,জিলা সমাজ কল্যান বিষয়া,কামৰূপ, ৰুবুল শৰ্মা আৰু কামৰূপ মহানগৰ জিলা সমাজ কল্যান বিষয়া দেৱজিৎ বৰা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.