মাজুলীৰ আইছ’লেশ্যন ৱাৰ্ড পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 218

সমগ্ৰ বিশ্বজুৰি হৈ থকা মহামাৰী ক’ৰণাৰ বিৰুদ্ধে বৰ্তমানলৈকে সমগ্র বিশ্বই যিমান পাৰে সিমানেই এখন শক্তিশালী যুঁজ অব্যাহত ৰাখিছে । ইয়াৰ পৰা মুক্তি পাবৰৈ চৰকাৰে বহু পন্থা অৱলম্বন কৰিছে।
 
সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নেতৃত্বত অসম চৰকাৰেও এখন শক্তিশালী ক’ৰণা বিৰোধী যুঁজ অব্যাহত ৰাখিছে। কিয়নো অসমত এতিয়ালৈকে সৰ্বমুঠ ৩৪জন লোক এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু এজনৰ ইতিমধ্যে এই মহামাৰীৰ কবলত পৰি মৃত্যু ঘটিছে।
সমগ্ৰ দেশৰ লগতে অসমতো চলি থকা লক ডাউনৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰে সমগ্ৰ জিলা ভ্ৰমণ কৰি এই দুৰ্গম পৰিস্থিতিৰ বুজ লৈ আছে। ইয়াৰ লগতে সমানেই মহামাৰী ন’ভেল ক’ৰণা ভাইৰাছৰ বৃহৎ সংক্ৰমণক লৈ দেখা দিয়া এক অহেতুক তথা অকল্পনীয় বিপজ্জনক পৰিস্থিতিত নদীদ্বীপ মাজুলীৰ জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লোৱা সমগ্ৰ ব্যৱস্থাৱলী সন্দৰ্ভত বুজ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি ২বাজি ৩০বজাত উপস্থিত হয় মাজুলীত।
মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গড়মূৰ অসামৰিক চিকিৎসালত বিশ্বত্ৰাস কভিড-১৯ ৰ আইছ’লেশ্যন ৱাৰ্ড পৰিদৰ্শন কৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ লগত এখন বৈঠকত মিলিত হয়। উক্ত বৈঠকত বিশ্বত্ৰাস ক’ৰণা ভাইৰাছৰ  ফলত হোৱা সংক্ৰমণসমুহক প্ৰকৃতাৰ্থত প্ৰতিৰোধ কৰাৰ কাৰণে মাজুলীত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা সকলোধৰণৰ জৰুৰী ব্যৱস্থাৱলী সম্পৰ্কে পৰ্যালোচনা কৰে।
 
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে তাত থকা সাংবাদিক সকলক সম্বোধন কৰি মহামাৰী ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা সমগ্ৰ কাৰ্য্যব্যৱস্থা তথা পদক্ষেপ সমূহৰ সম্পৰ্কে অৱগত কৰে। মুখ্যমন্ত্ৰী সোণোৱালে কয় যে আমাৰ অসমৰ ৰাইজে মহামাৰী ক’ৰণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্তে অতি শৃংখলাবদ্ধ ভাৱে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত এই লক ডাউনৰ কাৰ্যসূচী পালন কৰিছে।
 
এই সময়ছোৱাৰ ভিতৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ ৩৩ খন জিলাতেই সমগ্ৰ ৰাইজক জৰুৰী তথা অত্যাৱশ্যকীয় আৰু লাগতিয়াল সামগ্ৰীসমুহ যোগান ধৰাৰ সেৱাত আমি সকলোৱে নিষ্ঠা তথা অধিক উদ্যমেৰে আত্মনিয়োগ কৰিছো।অসম চৰকাৰৰ পৰা এই বিষয়ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ক’ৰণা ভাইৰাছ প্ৰতিহত কৰিব পৰাকৈ স্বাস্থ্য খণ্ডক আৰু অধিক টনকিয়াল কৰি তোলা হৈছে। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ কাৰণে প্ৰয়োজনীয় আৰু যাৱতীয় সকলোধৰণৰ সামগ্ৰীয়েই মজুত কৰা হৈছে। ৰাজ্যৰ ডাক্তৰ-নাৰ্চকে আদি কৰি স্বাস্থ্য খণ্ডৰ লগত জড়িত হৈ থকা সকলো কৰ্মীকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ সমগ্ৰ স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী সকলকো এই বিপজ্জনক পৰিস্থিতিৰ সৈতে খাপ খাব পৰাকৈ প্ৰস্তুত কৰি তোলা হৈছে। ৰাজ্যৰ যোগান বিভাগৰ ফালৰ পৰা বিভিন্নধৰণৰ ব্যৱস্থা লোৱা হৈছে যাতে ৰাজ্যত কোনোধৰণৰ খাদ্য সামগ্ৰী অভাৱ নহয় যাৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্যৰ মজুতৰ ব্যৱস্থা কৰা হৈছে।
 
ৰাজ্যৰ পৰিৱহন বিভাগকে আদি কৰি ৰাজ্যৰ অন্যান্য বিভিন্নধৰণৰ বিভাগ সমূহক সাজু কৰি ৰখা হৈছে। সকলো সময়তে যাতে এই বিভাগসমূহে ৰাজ্যৰ সমগ্ৰ জনসাধাৰণৰ পক্ষত সেৱাসমূহ অতি সুচাৰূৰূপে আগবঢ়াব পাৰে। ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ ফালৰ পৰা চেনিটাইজ কৰাৰ ব্যৱস্থাও ইতিমধ্যে কৰি তোলা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মতে প্ৰয়োজনীয় আৰু কিছুসংখ্যক জৰুৰী কাম-কাজৰ কাৰণেহে চৰকাৰে চৰ্ত সাপেক্ষে কিছুমান অনুমতি প্ৰদান কৰিছে। বিশ্বত্ৰাস মহামাৰী ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে চলাই থকা এই শক্তিশালী যুঁজখনত সহায় আগবঢ়োৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সাংবাদিক সকলৰো বিশেষভাৱে শলাগ লয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আন আন প্ৰান্তৰ জিলামূহৰ লগতে মহামাৰী কৰ’না ভাইৰাছক একেবাৰে প্ৰতিহত কৰাৰ কাৰণে মাজুলী জিলা প্ৰশাসনে চলোৱা অহৰহ প্ৰচেষ্টাক শলাগ লয়। অহা ৩মে’লৈকে সমগ্ৰ বিশ্বজুৰি চলিবলগীয়া দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়তো সকলোৰে সহায় তথা সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মাজুলীত ক’ৰণা ভাইৰাছৰ বাবে নিৰ্মাণ কৰা আইছ’লেশ্যন ৱাৰ্ড আৰু বিশেষ কোৱৰেণ্টাইনৰ কথা উল্লেখ কৰি পৰিস্থিতিৰ সৈতে সকলোকে সন্মুখীন হ’বলৈ সাজু থকাৰ কথা ঘোষণা কৰে।
 
সমগ্ৰ অসমবাসীকে যাতে স্বাস্থ্যৱান আৰু নিৰোগী কৰি তুলিব পাৰি তাৰ বাবে অসম চৰকাৰে সকলোধৰণৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে। এই সময়ছোৱাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, টিংখঙৰ বিধায়ক বিমল বৰা আৰু মন্ত্ৰী নৱ দলেই মন্ত্ৰী গৰাকীক মাজুলীত সংগ দিয়ে।

Leave A Reply

Your email address will not be published.