TMPK, MMK, TMMK, MBK, MAK, আৰু MDK কলিয়া যমুদচুক ডাম্বুকিয়াল আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি অপব্যয় নোহোৱাকৈ বৃহত্তৰ কলিয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিবেশ কৰি ৰাখিবলৈ গ্ৰহণ কৰা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি অনুষ্ঠান অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয়। আজিৰ সামৰণি অনুষ্ঠান শুভ উদ্ধোধন কৰে মাজুলী জিলা TMPK ৰ শিক্ষা সম্পাদক উত্তম নৰহে আৰু সভাত সভাপতিত্ব কৰে TMPK আৰু TMMK কলিয়া আঞ্চলিকৰ সভাপতি জয়পাল নৰহে৷ সভাখন আঁত ধৰে কলিয়া আঞ্চলিকৰ TMPK ৰ সম্পাদক ৰাকেশ নৰহে। সভাত উপস্থিত থাকে TMPK মাজুলী জিলা সমিতিৰ সদস্য জয়কুমাৰ পাদুন, বুদ্ধেশ্বৰ মিলি, MMK মাজুলী জিলাৰ সদস্য লোকনাথ নৰহ,জয়ন্ত মিলি,TMMK মাজুলী জিলাৰ সদস্যা ৰাণী নৰহকে আদি কৰি অঞ্চলৰ গণ্য মান্য ব্যক্তিসকলৰ লগতে গ্ৰীষ্মকালীন বন্ধৰ কেইদিন ছাত্ৰ ছাত্ৰীক পাঠ দান দিয়া শিক্ষকসকল৷ উল্লেখযোগ্য যে, উপস্থিত জিলা সদস্য আৰু শিক্ষা গুৰু সকলোৱে কলিয়া আঞ্চলিক সমিতিৰ এনে মহৎ পদক্ষেপক শলাগ জনাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে পৰামৰ্শ প্ৰদান কৰে। শেষত বৃহত্তৰ কলিয়া ৰাইজে একেমুখে এনে যুগান্তকাৰী পদক্ষেপক প্ৰশংসা কৰাৰ লগতে আগলৈও এনে পদক্ষেপ গ্ৰহণ অঞ্চলবাসীৰ শিক্ষাৰ্থীক উৎসাহিত কৰি থাকিবলৈ আহ্বান জনায়।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ