মানুহে মানুহৰ বাবে…আকৌ যেন শিপাই উঠিছে মানৱীয়তা

0 238

চচিয়েল মিডিয়াৰ দুটা বিশেষ প’ষ্ট। এটা প’ষ্ট কৰিছিল চন্দনা চৌধুৰীয়ে আৰু আনটো প’ষ্ট কৰিছিল নিলোৎপল বৰুৱা নামৰ এজন ব্যক্তিয়ে। প’ষ্ট দুটাই এইটোৱে প্ৰমান কৰিছে যে আজিও মানবীয়তা শেষ হোৱা নাই। সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটিৰ যেন তেওঁলোকে মৰ্ম বুজি উঠিছে।
উল্লেখযোগ্য যে চন্দনা চৌধুৰী নামৰ মহিলা গৰাকীয়ে ফেচবুকত এটা প’ষ্ট দিছিল। সেই প’ষ্টটোত তেওঁ লিখিছিল যে- গুৱাহাটী মহানগৰীৰ GMCH বা যি কোনো হস্পিতালত কোৰোণাত আক্ৰান্ত, যদি কোনোবা ব্যক্তি এডমিট হৈ আছে মোক জনাব । সম্পূৰ্ণ বিনামূলীয়া আহাৰ যোগান ধৰিম। অথবা পৰিয়ালৰ আটাইকেইজন ব্যক্তিয়ে Home isolation ত আছে, আৰু খাদ্যবস্তুৰ যদি কিবা নাটনি হয় ,কোনো সংকোচ নকৰাকৈ
6000522073 এই নম্বৰটোত যোগাযোগ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে চন্দনা চৌধুৰীয়ে বিনামূলীয়াকৈ বিভিন্ন ঠাইত খাদ্য যোগান ধৰা‌‌ ফটো ইতিমধ্যেই চ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ উঠিছে। আনহাতে, আনটো প’ষ্ট কৰিছিলে নিলোৎপল বৰুৱা নামৰ এজন সমাজকৰ্মী ব্যক্তিয়ে । নিলোৎ বৰুৱাই এনেদৰে লিখিছিলে- তেওঁ ঘৰৰ দুটা কোঠালী খালী হৈ আছে আৰু সেই কোঠালী দুটা ক’ভিড ৰোগী সকলে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ ব্যক্ত কৰিছিল। লগতে লিখিছিল বিমলা ক’ভিড চেন্টাৰ,জি এন আৰ চি হেল্থ চিটি এজাইল, ই এচ আই হাস্পতাল তেওঁৰ ঘৰৰ সমীপতে সেয়েহে কোনো আত্মীয়ই লক ডাউনৰ জটিল পৰিস্থিতিত ক’ৰবাত থাকিবলৈ অসুবিধা হয় তেওঁৰ কোঠা দুটা ব্যৱহাৰ কৰিব পাৰিব আৰু বিনামূলীয়াকৈ সকলো পাব কিন্তু চাফ চিকুণ কৰি ৰাখিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে।

Leave A Reply

Your email address will not be published.