অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰৰ আজি সফলতাৰে সামৰণি পৰে। মালয়বাৰীৰ লক্ষ্মী মন্দিৰ খেলপৰাৰত অনুষ্ঠিত বাছনিত শিবিৰত ৰাজ্যৰ ডেৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰে। লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ,১৮ বছৰ,২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এই বাছনি শিবিৰত অংশগ্ৰহণেৰে যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলে নাগালেণ্ডৰ কহিমাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক ক্ৰছ-ক্ৰান্টী চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰিব।কনক দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি সকলক উদ্যোক্তা সকলে উষ্ম আদৰণি জনায়। বাছনি শিবিৰৰ খেলসমূহৰ ফ্লেগঅফ কৰে অসম এথলেটিকচ্ এচছিয়েশ্বনৰ সম্পাদক অশোক ভৰালী,প্ৰশিক্ষক নিপন দাসৰ লগতে মালয়বাৰী গাঁও পঞ্চায়তৰ সভাপতি তথা আয়োজক কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ দাসে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত