অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰৰ আজি সফলতাৰে সামৰণি পৰে। মালয়বাৰীৰ লক্ষ্মী মন্দিৰ খেলপৰাৰত অনুষ্ঠিত বাছনিত শিবিৰত ৰাজ্যৰ ডেৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰে। লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ,১৮ বছৰ,২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এই বাছনি শিবিৰত অংশগ্ৰহণেৰে যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলে নাগালেণ্ডৰ কহিমাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক ক্ৰছ-ক্ৰান্টী চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰিব।কনক দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি সকলক উদ্যোক্তা সকলে উষ্ম আদৰণি জনায়। বাছনি শিবিৰৰ খেলসমূহৰ ফ্লেগঅফ কৰে অসম এথলেটিকচ্ এচছিয়েশ্বনৰ সম্পাদক অশোক ভৰালী,প্ৰশিক্ষক নিপন দাসৰ লগতে মালয়বাৰী গাঁও পঞ্চায়তৰ সভাপতি তথা আয়োজক কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ দাসে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan