মাৰ্ঘেৰিটাত উপস্থিত হৈ ক’ল ইণ্ডিয়া লিমিটেডৰ সৈতে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী

0 229

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত উপস্থিত হৈ ক’ল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয়।এই বৈঠকত নৰ্থ ইষ্টাৰ্ণ ক’ল ফিল্ডত কয়লা খনন পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আলোচনা কৰা হয়।বৈঠকৰ পিছতে উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে কয়লা খনন পুনৰ আৰম্ভ কৰাৰ সৈতে প্ৰদূষণ, পৰিৱেশ আৰু বন বিভাগৰ অনুমতি দিশ জড়িত হৈ আছে । সেয়েহে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে নতুন দিল্লীত অহা মাহত ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰালয়,পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয় আৰু অসম চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হ’ব।
এই সমস্যাটোৰ এক সমাধান সূত্ৰ উলিওৱা বাবে সংশ্লিষ্ট সকলো পক্ষই আগবাঢ়ি আহিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক’ল ইণ্ডিয়া লিমিটেড কেম্প কাৰ্যসূচীৰ জৰিয়তে বনানীকৰণ আৰু বনাঞ্চল বৃদ্ধি কাম-কাজ অব্যাহত ৰখাৰ দিশটো ওপৰত গুৰুত্ব আৰোপ কৰে।এই বিষয়টো সমাধান কৰাৰ দিশত এক সংহত আৰু বিজ্ঞান সন্মত পদক্ষেপ লোৱাটো জৰুৰী বুলি উল্লেখ কৰি কয় যে বন সংৰক্ষণ আৰু কয়লা খননৰ মাজত এক নিৰ্দিষ্ট ভাৰসাম্য ৰক্ষাৰ অৰ্থে পদক্ষেপ ল’ব লাগিব।আজিৰ এই পৰিদৰ্শন সময়তে বিভিন্ন সংস্থা আৰু সংশ্লিষ্ট পক্ষসমূহে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে।মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে আমাৰ পৰিৱেশ বিনষ্ট নকৰাকৈ আমি অৰ্থনৈতিক কাম কাজ চলাই যাব। অৰ্থনীতি, জীৱিকা আৰু পৰিৱেশ অবিৰতভাৱে সন্তুলিত কৰি ৰখাৰ দিশত পদক্ষেপ ল’ব লাগিব বুলিও কয়।
আজিৰ এই বৈঠকত কেন্দ্ৰীয় খাদ্য সংশোধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,কৃষি মন্ত্ৰী অতুল বৰা,চাহ জনজাতি কল্যান বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ।, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা তথা সংশ্লিষ্ট বিভাগ সমূহৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.