মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত শিপিনীৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ

0 286

বৰ অসমৰ  স্বাভিমানি  থলুৱা জনগোষ্ঠী মিচিং জনগোষ্ঠীয় ৰাইজৰ শিপিনী সকলৰ মাজত  নিখুঁত হস্ত শিল্প সোমায় আছে। গাঁও অঞ্চলৰ কৰ্মঠ  মহিলা সকলৰ মাজত  পৰম্পৰাগত ভাবে চলি অহা এই বয়ন শিল্পক প্ৰণালীবদ্ধ  আৰু বিজ্ঞানসন্মত ধ্যান ধাৰণাৰে পুষ্ট কৰি কেন্দ্ৰীভূত বস্ত্ৰ শিল্পটোক  সাৰ্বজনীন আৰু বৰ্হি বাণিজ্য মুখী  উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে  গ্ৰাম্য অৰ্থনীতি  সবল হোৱাৰ সমান্তৰাল ভাৱে  মহিলা স্বাৱলীকৰণৰ পথো প্ৰশস্ত হোৱাটো নিশ্চিত। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাভুক্ত অঞ্চলৰ মহিলা সকলৰ  মাজত  শিপিনী  দক্ষতা বৃদ্ধিৰ  লক্ষ্যৰে এলানি গুণগত প্ৰশিক্ষণৰ 
শুভাৰম্ভ কৰি  শনিবাৰে এই মন্তব্য কৰে পৰিষদৰ অধ্যক্ষ  সুনীল কুমাৰ পেগুৱে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত পৰিষদৰ হস্ত তাঁত আৰু বস্ত্ৰ উদ্যোগ বিভাগৰ সৌজন্যত সমগ্ৰ পৰিষদীয় এলেকাত  গ্ৰহণ কৰা এই লানি প্ৰশিক্ষণ শনিবাৰে আনুষ্ঠানিক ভাৱে ঢকুৱাখনাত শুভাৰম্ভ কৰি এই মন্তব্য কৰে অধ্যক্ষ  পেগুৱে । পৰিষদৰ ২১ নং পুৱ ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ  অন্তৰ্গত মাতমৰাৰ লঃয়িদ কম্পেক্সত  অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ হস্ত তাঁত বস্ত্ৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্যা ইন্দিৰা চিন্তে কুম্বাংয়ে সঞ্চালনা কৰে। গাম্ভীৰ্যপূৰ্ণ  উদ্ধোধনী সভাত পৰিষদৰ   সাধাৰণ সদস্যা বিউতি পেগু, ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং,  সমন্বয়ক চত্ৰ কুমাৰ মেদক, মিচিং জাতিয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ক্ষীৰোদ পেগু, ৰাজীব দলে , এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য যোগেশ কুম্বাং, টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি বৃগেন দলে, সম্পাদক ভুপেন দলে ,এম এম কেৰ ঢকুৱাখনা জিলা সমিতিৰ সম্পাদক মোহন পেগু, লক্ষ্য নাথ দলে, মলেশ দলে আৰু আঞ্চলিক সমিতিৰ সদস্য সকল উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰি  থলুৱা বয়ন পৰম্পৰাটো এক সম্পদ আৰু সম্ভাৱনাপূৰ্ণ উদ্যোগলৈ ৰূপান্তৰিত কৰাত মনোনিবেশ কৰাৰ  আহ্বান জনায় । অহা ২৫ দিন ধৰি  ধাৰাবাহিক ভাৱে অনুষ্ঠিত হ`ব লগা এই প্ৰথম লানিৰ প্ৰশিক্ষণত সমষ্টিটোৰ  মুঠ ২৫ গৰাকী প্ৰক্ষিক্ষাৰ্থীয়ে প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.