দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ বিউটিচিয়ান অনামিকা ডেকাই মিৰ্জালৈ গৌৰৱ কঢিয়াই আনিছে! যোৱা ১৭ নৱেম্বৰত ফেশ্বন শ্ব’ৰ ইণ্টাৰনেচনেল গ্ল’বেল ইউনিভাৰ্চৰ উদ্যোগত এ মেগা বিউতি পেগেণ্ট শ্ব’ৰ ৰাষ্ট্ৰীয় এৱাৰ্ড অনুষ্ঠানত মিষ্টাৰ, মিছ, মিচেছ, আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত পলাশবাৰী সৰপাৰাৰ অনামিকাই ডেকাই ফেশ্বন শ্ব’ৰ শাখাত মিচেছ ‘ইণ্টাৰনেচনেল গ্ল’বেল ইউনিভাৰ্চ’ৰ চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। খিতাপ অৰ্জন কৰাৰ লগে লগে ডেকাৰ পিতৃ-মাতৃ, পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰাৰ লগতে অঞ্চলটোৰ বহুকেইজন শুভাকাংশীয়ে ফোন যোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। উক্ত প্ৰতিযোগিতাত শিশুসহ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজ। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত মেকাপ আৰ্টিচৰ লগতে এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মৰমীয়াল তথা উদ্যমী যুৱতী অনামিকা ডেকাই মিৰ্জাত এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা- অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ