মিজোৰামত ভ্ৰমণ কৰিবলৈ গৈ পৰ্যটন ক্ষেত্ৰত ৪০ গৰাকী লোকক বিনামূলীযয়াকৈ চিকিৎসা সেৱা আগবঢ়ালে গুৱাহাটীৰ দুই জ্যেষ্ঠ চিকিৎসকে

0 65

গুৱাহাটীৰ দুই বিশেষজ্ঞ চিকিৎসকৰ ক্ৰমে – গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ হিৰণময় দাস আৰু বৰ্তমান লণ্ডনত কৰ্মৰত চাৰ্জন ডাঃ শেখৰ দাসে বিগত সপ্তাহত পৰ্যটকৰ ৰূপত ভ্ৰমণ কৰিবলৈ গৈছিল চুবুৰীয়া ৰাজ্য মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ লাউংটিয়াই জিলাৰ ভাৰত – ম্যানমাৰ আন্তৰ্জাতিক সীমান্তৰ চানগাঁও নামৰ এটা অঞ্চললৈ। পাহাৰীয়া অঞ্চলত ট্ৰেকিং কৰি ভাল পোৱা দুই চিকিৎসকে তাত ট্ৰেকিং কৰিবলৈ গৈছিল। তাত তেওঁলোকে পুৰণি বন্ধু তথা চানগাঁওৰ বাসিন্দা তথা স্থানীয় প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ জৰ্জ বাউৎলুঙৰ ঘৰত অতিথি হিচাপে নিশাটো কটায়। কিন্তু সিদিনা তাত থকাৰ সময়ত গাঁওবাসীৰ স্বাস্থ্যৰ বিষয়ে বুজ লয়। গাঁওবাসীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ দুই চিকিৎসকে মানৱীয়তাৰ উদাহৰণ দাঙি ধৰে আৰু বন্ধু চিকিৎসক ডাঃ জৰ্জ বাউৎলুঙৰ সহযোগত এটা বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। শিবিৰত দুই চিকিৎসকে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে পুৰুষ – মহিলা নিৰ্বিশেষে ৪০ জনৰো অধিক লোকক স্থানীয় স্বাস্থ্যকেন্দ্ৰ চৌহদত সাধাৰণ স্বাস্থ্যৰ উপৰিও ই চি জি, এক্স-ৰে, আলট্ৰা ছাউণ্ড আদিৰ দৰে অত্যাধুনিক যন্ত্ৰৰ সহায়ত স্বাস্থ্য পৰীক্ষা কৰে। আনহাতে গুৱাহাটীৰ দুই চিকিৎসকৰ এই মহানুভবতাক গাঁওবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য যে ট্ৰেকাৰ্ছ গ্ৰুপ, গুৱাহাটীৰ সদস্য দুই চিকিৎসকে বিগত প্ৰায় ২৫/৩০ বছৰ ধৰি গুৱাহাটীৰ গড়ভঙা বনাঞ্চলকে ধৰি অসমৰ বহু পাহাৰ – পৰ্বত, মেঘালয় , চিকিম, অৰুণাচল প্ৰদেশৰ বহু পৰ্বতৰ শিখৰত কেবাটাও ট্ৰেকিং তথা পৰ্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে।

Leave A Reply

Your email address will not be published.