জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্য সম্ৰাজ্ঞী তথা দক্ষিণ কামৰূপৰ সু-সন্তান ড° মামণি ৰয়চম গোস্বামীৰ আজি দশম সংখ্যক মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মিৰ্জাৰ মামণি ৰয়চম গোস্বামী চক’ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱা ৬ বজাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মামণি ৰয়ছম গোস্বামী চ’কত এক সমূহীয়া চাফাই অভিযান ৰূপায়ণ কৰা হয়। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি পৃথিৱী দাসে সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে শিক্ষা সম্পাদক বেদব্ৰত দাসে। ইয়াৰ পিছত ক্ৰমে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা, নাম প্ৰসংগ আদি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে সন্ধিয়া ৫ বজাত ২০০০ গছি বন্তি প্ৰজ্জ্বলন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা উক্ত কাৰ্য্যসূচীত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকূৰীয়া, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰঞ্জন ভূঞা, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীনমণি কলিতা, অমৃত চন্দ্ৰ ঠাকুৰীয়া বাণিজ্য কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সমীৰণ শৰ্মা, পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্য, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাস, বিত্ত সম্পাদক ঋতুমণি চৌধুৰী, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতুল কুমাৰ, দক্ষিণ কামৰূপ অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মামণি ৰয়ছম গোস্বামীক একাঁজলী পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, বাইদেউৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে দক্ষিণ কামৰূপ ছাত্র সন্থাই তেওঁৰ নামেৰে অহা বছৰৰ পৰা সাহিত্য বটা প্ৰদান কৰিব বুলি কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে জানিবলৈ দিয়ে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram