ঢকুৱাখনা টাউন মিচিং ছাত্ৰ সন্থাৰ ৩০ সংখ্যক কাংকিন কেবাং

0 306

ৰাজ্যখনৰ  ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ ভাষা তিব্বত চীনৰ ভাষিক পৰিয়ালৰে সম্পৃক্ত ভাষা আৰু জনগোষ্ঠীটোৰ স্বগোষ্ঠীয় ভাষাটো নিজস্ব স্বকীয় ধ্বনিতাত্তিক আৰু ৰূপতাত্তিক বৈশিষ্ট্যৰে সমৃদ্ধ । পূৰ্বৱৰ্তী সময়ত জনগোষ্ঠীয় ভাষাটোৰ নিজস্ব লিপি নাছিল কাৰণে কথিত ৰূপত আছিল । পৰিবৰ্তিত সময়ত দ্বিতীয় সৰ্ববৃহৎ ভৈয়াম জনগোষ্ঠীলৈ  উন্নীত হোৱা মিচিং জনগোষ্ঠীৰ লিখিত লিপি ভাষা উপলব্ধ হল। কিন্তু নিজস্ব ভাষাত  কাব্য সাহিত্যৰ চর্চাৰ ধাৰা অতি সীমিত হৈ ৰল । এয়া জনগোষ্ঠীটোৰ অস্তিত্বৰ বাবে এক বৌদ্ধিক  প্ৰত্যাহ্বান। যি জাতিৰ নিজস্ব  ভাষাৰে লিখিত ইতিহাস বা কাব্য সাহিত্যৰ বৰ্ণময় ৰূপ নাথাকে তেনে জাতিৰ ভৱিষ্যত অসুৰক্ষিত  আৰু দীৰ্ঘজীৱিও নহয়। 
ঢকুৱাখনা জনজাতি কৃষ্টি ভৱন প্ৰাংগনত  আজি দিনজোৰাকৈ অনুষ্ঠিত টাউন মিচিং ছাত্ৰ সন্থাৰ ৩০ সংখ্যক কাংকিন কেবাংৰ মুকলি সভাত কেবাং উপলক্ষত  প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ” কাংকিন” উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী, ধেমাজি জিলাৰ  জ্যেষ্ঠ কৃষি বিষয়া ভৱজিত দলেয়ে।  অৱনৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক মণি কান্ত মেদকৰ স্মৃতিত পুত্ৰ সোৱণশিৰী গাঁও পঞ্চায়তৰ সভাপতি খনিন্দ্ৰ মেদকে প্রকাশ কৰি উলিওৱা কেবাংৰ নৱম সংখ্যক প্ৰকাশ “কাংকিন”  উন্মোচনৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা। টাকাম মিচিং ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে  শুভ উদ্ধোধন কৰা মুকলি সভাত নগৰ সমিতিৰ সভাপতি অনিল দলেয়ে সভাপতিত্ব কৰে ।  সভাত মুখ্য অতিথিৰ ভাষণত এম এ চিৰ অধ্যক্ষ সুনীল পেগুৱে  স্বজাতিৰ নৱ প্ৰজন্মৰ হাততে জাতিটোৰ ভৱিষ্যত নিৰ্ভৰশীল বুলি কৈ বিভিন্ন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি অহা  শিক্ষাৰ্থী সকলক বিদ্যায়তনিক দিশত অধিক মনোনিবেশ কৰাৰ লগতে সাংস্কৃতিক , সামাজিক দায়বদ্ধতাৰে স্বগোষ্ঠীয় সমাজখনক  সৰ্বাংগীন দিশত গতিশীলতা প্ৰদানৰ আহ্বান জনায়। জনাকীৰ্ণ সভাখনত  ৱৰ্ল্ড বুক অফ টেলেণ্ট ৰেকৰ্ড ২০২০,  ইণ্ডিয়ান আইকণ এৱাৰ্ড২০২১ , ভাৰত ভূষণ ২০২১ কে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ  মুঠ ১৩ টা প্ৰদক প্ৰাপক বগীনদীৰ সুসন্তান সৃষ্টি ৰাণী টাইডক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।  সম্বৰ্ধনা গ্ৰহণ কৰি তত্ব গধুৰ বক্তব্যত প্ৰতিষ্ঠিত লেখিকা টাইদে  আধুনিকীকৰণ মানৱ সমাজৰ উত্তৰণৰ বাবে প্ৰয়োজনীয় যদিও এনে নব্য আধুনিকীকৰণ ধ্যান ধাৰণাৰ মাজেৰে নিজস্ব ভাষা লোক  কৃষ্টি সংস্কৃতিৰো চৰ্চাৰ ধাৰা অব্যাহত ৰাখিলেহে জাতিয় উত্তৰণৰ পথ প্ৰশস্ত হব বুলি কৈ নব প্ৰজন্মৰ হাতত এই গধুৰ জাতীয় দায়িত্ব অৰ্পিত বুলি কয়। সভাত  টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা বন্তি বালা পেগু, শিক্ষাবিদ নিৰঞ্জন পেগু , সদৰ থানাৰ অচি মণ্টু ৰাম বৰা , উত্তম কুমাৰ দলে আদিয়ে বক্তব্য আগবঢ়াই ।  নবাগত শিক্ষাৰ্থী সকলৰ পৰিচয় পৰ্ব আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হোৱা সভাত  মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় আৰু জিলাৰ নেতৃবৰ্গ উপস্থিত  থাকে।  সন্ধিয়া মিচিং পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতা আৰু নিশালৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে কাংকিন কেবাংৰ সফল পৰিসমাপ্তি হয়। বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.